অতি প্ৰচণ্ড গতিৰে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ ওচৰ চাপি আহিছে। যাৰ বাবে গুজৰাটৰ উপকূলত সাগৰ ৰুক্ষ হৈ পৰিছে। মুম্বাইতো আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। ইয়াৰ ফলত মুম্বাই বিমানবন্দৰত বিমান সেৱাত ব্যাহত হৈছে।
মৌচম ভৱনৰ মতে, ১৫ জুনত গুজৰাট আৰু পাকিস্তানৰ উপকূলীয় অঞ্চলৰ ওপৰত ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে মুম্বাইত ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে।
লগতে পঢ়ক: বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গ’ল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত
দেওবাৰে নিশা মুম্বাই বিমানবন্দৰত আবদ্ধ হৈ পৰে শতাধিক যাত্ৰী। বেয়া বতৰৰ বাবে ৰাতিৰ ভাগত সাময়িকভাৱে বন্ধ হৈ পৰে ৰাণৱে। যাৰ বাবে কেইবাখনো বিমান বাতিল কৰা হয়। বহু বিমানে গভীৰ নিশা আনকি সোমবাৰে পুৱাও দেৰিকৈ উৰা মাৰিছে। ইয়াৰ বাবেই বহু যাত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে। বিমানৰ অৱতৰণত পলম হোৱাৰ বাবে যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে।
অৱশ্যে এই অসুবিধাৰ বাবে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এই ঘূৰ্ণীবতাহৰ বাবে মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলাত সদ্যহতে প্ৰবল বৰষুণ অব্যাহত থাকিব।