• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 11, 2019 6:55 pm
protest at Margherita

মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

239
VIEWS
Share on FacebookShare on Twitter

জৰাজীৰ্ণ হৈ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীৰে আজি মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰৰ পৰা সমদল কৰি আহি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ প্ৰায় এক ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ পাৱৈ, থাৰ্মেল তিনি আলি, ব্লক তিনিআলি, চেগুনবাৰী তিনিআলি, বৰগোলাইৰ, লিডু, টিৰাপ আদি এলেকাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতিৰ অভাৱত মৰণফাণ্ডত পৰিণত হৈছে। এই অঞ্চলসমূহত ইতিমধ্যে হোৱা পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।

তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে বিধায়ক ভাস্কৰ শৰ্মাৰ অকৰ্মাণ্যতাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাৰ্ঘেৰিটাত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। বিগত দুটা বছৰত ৩৫ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ আঁচনি গ্ৰহণ কৰা বুলি ওফাইডাং মৰা বিধায়ক ভাস্কৰ শৰ্মাই কমিছনৰাজেৰে ব্যক্তিগত সম্পত্তি পাহাৰ গঢ়াৰ বিপৰীতে ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দিছে।

মাৰ্ঘেৰিটা, বৰগোলাই আৰু লিডুত মৰণফাণ্ডত পৰিণত হোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে বিধায়কৰ গৰাকীয়ে তেওঁৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ ৰঞ্জিত পূজাৰীক ৭০ লাখ টকাৰ ঠিকা দিছিল। ঠিকাদাৰ গৰাকীয়ে মেৰামতিৰ নামত এমুঠিমান শিল আৰু বালি পেলাই সিংহভাগ ধন আত্মসাৎ কৰে।

প্ৰতিবাদ স্থলীৰ পৰাই আজি যুৱ ছাত্ৰ পৰিষদে বিধায়ক গৰাকীক তীব্ৰ সকীয়নি দি শীঘ্ৰে পথছোৱা নিৰ্মান কৰাৰ দাবী কৰাৰ লগতে উক্ত পথত দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোক সকলক ক্ষতিপুৰণ আদায় দিয়াৰ বাবে আহ্বান জনায়।

Recent News

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd