বিশ্বনাথত ট্ৰেক্টৰৰ পৰা পৰি নিহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ

বিশ্বনাথৰ কুঁৱৰী গাঁৱত সংঘটিত হৈছে এক  ভয়ংকৰ পথ দুৰ্ঘটনা ।
ট্ৰেক্টৰৰ খুন্দাত নিহত হৈছে  দুলাল মুদী নামৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন।

উল্লেখ্য  বিশ্বনাথৰ কুঁৱৰী গাঁৱৰ পথৰে ট্ৰেক্টৰ এখনৰ ওপৰত মৃত দুলাল মুদীয়ে উঠি আহি থাকোতে হঠাৎ ট্ৰেক্টৰৰ পৰা সৰি পৰে ।

লগে লগে ট্ৰেক্টৰৰ পিছ চকা গাৰ ওপৰত উঠি যায় আৰু সেই স্থানতে মৃত্যু সংঘটিত হয় দুলাল মোদীৰ।

ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ দল ঘটনা স্থলীত উপস্হিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰিছে যদিও চালক জন পলাতক হৈ আছে।

ইপিনে বিশ্বনাথৰ বিভিন্ন অঞ্চলত কিছু দিন ধৰি বৃদ্ধি পাইছে ট্ৰেক্টৰ চালকৰ উপদ্ৰৱ।

প্ৰাপ্তবয়ষ্ক নোহোৱাকৈয়ে বিশ্বনাথ নগৰত একাংশ ট্ৰেক্টৰ চালকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

আনহাতে এই ট্ৰেক্টৰ চালক বোৰে অতি কম বয়সৰ শিশু পৰ্যন্ত নিয়োগ কৰি বিভিন্ন অঞ্চলত অবৈধভাবে মাটি কঢ়িওৱা,ইটা ভাতাৰ পৰা ইটা কঢ়িওৱা ইত্যাদি কামত নিয়োগ হৈ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে জিলা অৰক্ষী প্ৰশাসনে বিশেষ ব্যবস্হা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

এই ট্ৰেক্টৰ চালকসকলক যদি নি্যন্ত্ৰণ কৰা নাযায়,তেনেহলে অনাগত দিনত আৰু দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত বুলি  বহুতে আশংকা প্ৰকাশ কৰিছে।