নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত জৈৱ প্ৰযুক্তিৰ বিষয়ত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ

ADP College Nagaon

ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানে আন্তৰ্জাতিক ফ’লডস্কোপ প্ৰকল্পৰ সৌজন্যত সম্পাদন কৰি অহা বিদ্যায়তনিক আলোচনাচক্ৰ এখন আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হয়।

উত্তৰ-পূৰ্বৰ ভিতৰত ভেষজ বিজ্ঞান বিষয়ত প্ৰথম স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে মহাৰাষ্ট্ৰৰ কেবাখনো মহাবিদ্যালয়ৰ সৈতে এই প্ৰকল্পৰ অধীনত শিক্ষাৰ্থীসকলৰ সৈতে বুজা বুজিৰ চুক্তি সম্পাদন কৰাৰ লগতে মত বিনিময় কৰিছে।

মহাবিদ্যালখনৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আজিৰ আলোচনা চক্ৰত মহাৰাষ্ট্ৰৰ শিৱাজী বিজ্ঞান মহাবিদ্যালয়ৰ ৪০ গৰাকী ছাত্র-ছাত্ৰী উপস্থিত থাকে।

নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থী তথা গৱেষকসকলক আদৰণি জনোৱাৰ লগতে এনেধৰণৰ বিনিময় কাৰ্যসূচীয়ে অসম আৰু মহাৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আৰু আশা প্ৰকাশ কৰে।

মহাবিদ্যালয়খনৰ ভেষজ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মৌচুমী শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোত শিৱাজী বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ দিনেশ খেদকাৰে ভাৰতৰ ‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ দিশটোলৈ আঙুলিয়াই তাৰ প্ৰতীক হিচাপে আলোচনাত উপস্থিত অতিথিসকলক খাদী সূতা আৰু গান্ধী টুপী প্ৰদান কৰে।

ইয়াৰ উপৰি আলোচনা চক্ৰথনত পুনেৰ আব্বা চাহেব গড়োৱাৰ মহাবিদ্যালয়, কেৰেলা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু মেঘালয়ৰ উমিয়ামত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ অধ্যাপক আৰু বিজ্ঞানীয়ে বিভিন্ন বিষয়ত শেহতীয়া গৱেষণা সম্পৰ্কে ছাত্র-ছাত্ৰীসকলক অৱগত কৰে।

উল্লেখযোগ্য যে আজি নিশালৈ অতিথি ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্যে এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰাৰ লগতে কাইলৈ তেওঁলোকক কাজিৰঙা দৰ্শনৰ বাবে লৈ যোৱা হ’ব।