NORTHEAST NOW (Assamese)

Breaking News কি হৈছে অসমত? এইবাৰ নগাঁৱত আৰক্ষীয়ে গুলীয়ালে ছাত্ৰ নেতাক!

January 22, 2022 9:33 pm · এন ই নাও নিউজ,গুৱাহাটী
প্ৰতীকি ছবি

আৰক্ষীৰ এনকাউণ্টাৰে ত্ৰাসিত কৰি ৰখা ৰাজ্যবাসীক আজি আৰু অধিক শংকিত কৰি অসম আৰক্ষী জঁপিয়াই পৰিল এগৰাকী ছাত্ৰ নেতাৰ ওপৰত।

নগাঁৱৰ কছলুখোৱা নিবাসী ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আজি সন্ধিয়া আৰক্ষীয়ে ৰাজপথতে বাইকৰ পৰা নমাই গুলীয়ায়।

ফলত গুৰুতৰ ভাবে আহত হয় ছাত্ৰ নেতা গৰাকী।

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি মাতৃৰ বাবে দৰৱ হৈ ঘৰলৈ উভতি অহাৰ সময়তে ৰাজপথত বৰাক ৰখায় আৰু লাঠীৰে মাৰ-ধৰ কৰিবলৈ ধৰে।

এই ঘটনাৰ প্ৰতিবাদ কৰাৰ পিছতে আৰক্ষীয়ে ছাত্ৰ নেতাজনক গুলীয়াই দিয়ে।

আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত ছাত্ৰ নেতা কীৰ্তিকমল বৰা নগাঁও কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

এগৰাকী ছাত্ৰ নেতাক কোনো বিশেষে কাৰণ নোহোৱাকৈয়ে এনেদৰে গুলিওৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বাহিনীৰ এনে কাৰ্যক একেমুখে গৰিহণা দিছে নগাঁওবাসীয়ে।

অভিযোগ অনুসৰি বৰাক গুলী কৰা আৰক্ষী সুৰামত্ত অৱস্থাত আছিল।

প্ৰতিবাদী জনতাই প্ৰশ্ন কৰিছে—’মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ অসমত এতিয়া সাধাৰণ লোককো এনকাউণ্টাৰ কৰি যোৱা হ’ব নেকি’?

Related News