• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক পানী, গেছ দিয়াৰ চুক্তিক লৈ প্ৰশ্ন তুলি জীৱন হেৰুৱালে বাংলাদেশৰ ছাত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 6:37 pm
702090-sheikh-hasina-and-narendra-modi-dna

ফাইল ফটো। উৎস: ডি এন এ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনিময়ত একো নোলোৱাকৈ শ্বেইখ হাছিনাই ভাৰতক পানী আৰু পে’ট্ৰলিয়াম গেছ দিয়া বুলি দাবী কৰি ইয়াৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্নেৰে ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ পিছতে চুবুৰীয়া বাংলাদেশত এজন ছাত্ৰক হত্যা কৰা হৈছে।

ঘটনাটোৱে ভাৰত ভ্ৰমণৰ সফলতা দাঙি ধৰিবলৈ কাইলৈ সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ ওলোৱা প্ৰধান মন্ত্ৰী হাছিনাৰ বাবে অস্বস্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

হত্যাৰ বলি হোৱা ছাত্ৰজন বাংলাদেশ য়ুনিভাৰ্ছিটি অব ইঞ্জিনীয়াৰিং আৰু টেকন’লজিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আব্ৰাৰ ফাহাদ।

ছাত্ৰজনে হাছিনাই ভাৰত ভ্ৰমণৰ সময়ত কৰা চুক্তিবোৰত বাংলাদেশৰ লাভক লৈ প্ৰশ্ন উঠাইছিল ছ’চিয়েল মিডিয়াত।

তেওঁ এটা পোষ্টত কৈছিল, “আমি বিনিময়ত একো নোপোৱাকৈ ভাৰতক কিয় ফেনী নদীৰ পৰা ১.৫ লাখ কিউমিক পানী দিব লাগে?”

যোৱা ৩ অক্টোবৰত হাছিনাই চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল আৰু ত্ৰিপুৰাত খোৱা পানীৰ যোগানৰ বাবে ভাৰতক ফেনী নদীৰ পৰা প্ৰতি ছেকেণ্ডত ১.৮২ ঘন ফুট (কিউছেক) পানী ল’বলৈ অনুমতি দি এখন চুক্তিত চহী কৰিছিল। আন কেইবাখনো দ্বিপাক্ষিক চুক্তিত চহী কৰিছিল তৃতীয় বাৰৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱা হাছিনাই, য’ত ভাৰতলৈ পে’ট্ৰলিয়াম গেছ যোগানৰ এখন চুক্তিও আছিল।

ফাহাদে ভাৰতলৈ পে’ট্ৰলিয়াম গেছৰ যোগানৰ চুক্তিখনক লৈও প্ৰশ্ন উঠাইছিল নিজৰ পোষ্টত। হাছিনাৰ ভাৰত ভ্ৰমণৰ অন্তঃসাৰশূন্যতা দেখুৱাই দিয়া পোষ্টটো এৰি দিয়াৰ পিছতে ভাইৰেল হৈছিল।

পোষ্টটোক লৈ বিশ্ববিদ্যালয়খনৰ (BUET) বাংলাদেশ ছাত্ৰ লীগৰ কেইবাজনো নেতাই ফাহাদক উপৰ্য্যুপৰি প্ৰশ্ন কৰিছিল বুলি ফাহাদৰ বন্ধুকেইজনে পিছত জানিবলৈ দিয়ে।

বন্ধুকেইজনৰ মতে, ছাত্ৰজনক তেওঁ ইছলামী ছাত্ৰ শিবিৰ (জামাত ই ইছলামীৰ ছাত্ৰ শাখা)ৰ সদস্য নেকি বুলি প্ৰশ্ন কৰা হৈছিল।

ফাহাদক ভোটা বস্তুৰে আঘাত কৰি হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাত গম পোৱা গৈছে।

অভিযোগমতে বাংলাদেশ ছাত্ৰ লীগৰ কৰ্মীসকলে তেওঁক এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি লৈ মৰিওৱা হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হয়।

বাংলাদেশ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিজনক আটক কৰিছে।

হাছিনাৰ ভাৰত ভ্ৰমণটোক বাংলাদেশত “একো ননাকৈ সকলো দিয়া” বুলি গণ্য কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd