NORTHEAST NOW (Assamese)

মহিলা অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলে ছাত্ৰই; সংকটজনক অৱস্থাত ভৰ্তি হাস্পাতালত

February 21, 2023 9:44 am · এন ই নাও নিউজ, নতুন দিল্লী
ফটো: সংগৃহিত।

মৰ্মান্তিক, জঘণ্য! কোনো বিশেষণেৰেই এই ঘটনাৰ ব্যাখ্যা কৰিব নোৱাৰি। মধ্যপ্ৰদেশৰ ইন্দোৰত ঘটা এই  চাঞ্চল্যকৰ ঘটনাটোত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ। ইন্দোৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ কাণ্ডই আতংকৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, ছাত্ৰজনে মহিলা অধ্যক্ষগৰাকীৰ গাত পেট্ৰ’ল ঢালি তেওঁক জীৱন্তে জ্বলাই দিছিল। মহিলা অধ্যক্ষগৰাকীয়ে এতিয়া মৃত্যুৰে যুঁজি আছে। তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ মতে, মহিলাগৰাকীৰ ৮০ শতাংশ শৰীৰ দগ্ধ হৈছে।

ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰৰ চিমৰোল আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল।  অভিযুক্ত ছাত্ৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইন্দোৰৰ আৰক্ষী অধীক্ষক ভাগৱত সিং বাৰ্ডে কয় যে ৫৪ বছৰীয়া চিমৰোল অঞ্চলৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যক্ষ বিমুক্তা শৰ্মাৰ গাত ২৪ বছৰীয়া এ কে শ্ৰীবাস্তৱে পেট্ৰ’ল ঢালি দিয়ে। তাৰ পিছত তেওঁৰ শৰীৰত জুই লগাই দিয়ে।

বাৰ্ডে জনায় যে মহিলাগৰাকী ৮০ শতাংশ দগ্ধ হৈছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ কয় যে মহিলা অধ্যক্ষগৰাকী কথা কব পৰা অৱস্থাত নাই কিয়নো তেওঁৰ অৱস্থা অত্যন্ত সংকটজনক।

জানিব পৰা গৈছে যে কেইদিনমানৰ বাবে অধ্যক্ষ আৰু ছাত্ৰজনৰ মাজত কোনো বিষয়ত বিবাদ হৈছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। বিমুক্তা শৰ্মা ইন্দোৰৰ বিএম কলেজ অফ ফাৰ্মাচীৰ অধ্যক্ষ। কলেজ শেষ কৰাৰ পিছত তেওঁ গাড়ীত বহি ঘৰলৈ গৈ আছিল। অভিযুক্তই তেতিয়া তেওঁক আক্ৰমণ কৰে আৰু বটলৰ পৰা পেট্ৰ’ল ছটিয়াই দি তেওঁৰ গাত জুই লগাই দিয়ে।

গাড়ী আৰু পেট্ৰ’লৰ বাবে দ্ৰুতগতিত জুই লাগিছিল। উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল। অধ্যক্ষৰ শৰীৰৰ ৮০ শতাংশতকৈও অধিক জ্বলি গৈছে। আন শিক্ষাৰ্থীৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্তজনে দাবী কৰিছে যে তেওঁ মহাবিদ্যালয়ত বি.ফাৰ্মা অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট দিয়া হোৱা নাছিল।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ মতে, তেওঁৰ মাৰ্কশ্বীট এতিয়ালৈকে তেওঁলোকৰ ওচৰত আহি পোৱা নাই।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে শ্ৰীবাস্তৱে একেটা বিবাদৰ বাবে চাৰি মাহ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক চুৰিৰে আক্ৰমণ কৰিছিল যাৰ ফলত অধ্যাপৰগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীয়ে জনাইছে যে শ্ৰীবাস্তৱ চুবুৰীয়া উজ্জয়িনী জিলাৰ বাসিন্দা আৰু তেওঁক জিম্মাত লৈ জেৰা কৰা হৈছে। ঘটনাটোত শ্ৰীবাস্তৱৰ হাতো জ্বলিছে। আৰক্ষীয়ে মহিলা অধ্যক্ষৰ পৰিয়ালৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰি আছে। গোটেই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News