থলুৱা লোকৰ বাবে চৰকাৰী চাকৰিত লাগে ১০০ শতাংশ সংৰক্ষণ

চৰকাৰী চাকৰিত স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণ বিচাৰি বুধবাৰে পুৱা ঝাৰখণ্ডৰ বিভিন্ন ছাত্ৰ সংগঠনৰ সদস্যই ৰাজ্যজুৰি বন্ধ বলবৎ কৰিবলৈ ৰাজপথলৈ ওলাই আহে।

ৰাঁচীৰ মোৰাবাদী অঞ্চলত ঝাৰখণ্ড ৰাজ্যিক ছাত্ৰ সন্থাৰ সদস্যসকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সকলো প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ সতৰ্ক কৰি দিয়ে প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদৰ বাবে ৰাজ্যজুৰি বহু বিদ্যালয় বন্ধ হৈ থাকে আৰু ঝাৰখণ্ড একাডেমিক কাউন্সিলে নিৰ্ধাৰিত পৰীক্ষাসমূহ বাতিল কৰে।

জানিব পৰা মতে ৰাজ্যখনৰ ৰাজধানীত বন্ধৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত প্ৰায় ২৫০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

৭২ ঘণ্টীয়া এই আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে যোৱা সোমবাৰৰ পৰা ছাত্ৰ সংগঠনসমূহে চৰকাৰী চাকৰিত স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

মঙলবাৰে সন্ধিয়া ৰাঁচীত ছাত্ৰসকলে এক বৃহৎ জোঁৰ সমদল উলিয়াই। প্ৰতিবাদকাৰীসকলে সোমবাৰে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাসগৃহত ঘেৰাওৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে বাধা দিয়ে।

জে এছ এছ ইউৰ নেতা দেৱেন্দ্ৰ মাহটোৱে কয় যে এই চৰকাৰে স্থানীয় লোকৰ বাবে চৰকাৰী চাকৰিত ১০০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল যদিও ৰাজ্যৰ বাহিৰৰ ছাত্ৰছাত্ৰীৰ বাবে দুৱাৰ মুকলি কৰি দিছে, যাৰ বাবে আমি বন্ধ আহ্বান কৰিবলৈ বাধ্য হৈছো। ১৯৩২ চনৰ ‘খাটিয়ান’ (ভূমি বন্দোবস্ত) ভিত্তিক নিযুক্তি আঁচনি ৰূপায়ণৰ পৰিৱৰ্তে পুৰণি নিয়োগ নীতি পুনৰ আনিলে, যাৰ অধীনত ৬০ শতাংশ আসন অভাৱগ্ৰস্ত ছাত্ৰছাত্ৰীৰ বাবে সংৰক্ষিত হ’ব, আনহাতে ৪০ শতাংশ আসন সকলোৰে বাবে মুকলি হ’ব।