‘শিক্ষানুষ্ঠানৰ ভুলৰ বাবে শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে’, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এইবোৰ কিছুমান উদাহৰণ যিয়ে দেখুৱাইছে যে পিছপৰা সম্প্ৰদায়ত আত্মহত্যা সাধাৰণ হৈ পৰিছে। এই সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। এইবোৰে কেতিয়াবা শতিকাজোৰা সংগ্ৰামৰ কাহিনীও কয়। মই বিশ্বাস কৰোঁ যে যদি আমি এই সমস্যাটো সমাধান কৰিব বিচাৰো তেন্তে প্ৰথম পদক্ষেপটো হ’ল সমস্যাটো স্বীকাৰ কৰা আৰু চিনাক্ত কৰা।”

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ অভিযোগৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

শনিবাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে শিক্ষাৰ্থীয়ে নিজৰ প্ৰাণ কাঢ়ি ল’বলৈ বাধ্য হোৱাত প্ৰতিষ্ঠানসমূহৰ দোষ ত্ৰুটি আছে।

শেহতীয়াকৈ মুম্বাইস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি(আইআইটি-বম্বে)ত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ প্ৰসংগত তেওঁ কয়ে যে শিক্ষানুষ্ঠানসমূহে কিবা নহয় কিবা ভুল কৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰাণ কাঢ়ি ল’বলৈ বাধ্য হৈছে। আই আই টি বম্বেত দলিত ছাত্ৰগৰাকীৰ আত্মহত্যাৰ প্ৰসংগ আনি মুখ্য ন্যয়াধীশগৰাকীয়ে যে পিছপৰা শ্ৰেণীৰ লোকৰ আত্মহত্যাৰ ঘটনা এতিয়া সুলভ হৈ পৰিছে।

ইয়াত ‘দ্য নেচনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চ’ (নালছাৰ)ত সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়, সামাজিক পৰিৱৰ্তনৰ বাবে ন্যায়ালয়ৰ ভিতৰ আৰু বাহিৰত সমাজৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ন্যায়াধীশসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ কয়, “শেহতীয়াকৈ মই আই আই টি বম্বেত এজন দলিত ছাত্ৰৰ আত্মহত্যাৰ কথা পঢ়িছিলোঁ। ই মোক যোৱা বছৰ ওড়িশাৰ নেশ্যনেল ল ইউনিভাৰ্চিটিৰ এজন জনজাতীয় ছাত্ৰৰ আত্মহত্যাৰ কথা মনত পেলাই দিলে।” মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়, “এই ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। কিন্তু মই এইটোও ভাবিছোঁ যে আমাৰ শিক্ষানুষ্ঠানসমূহে ক’ত ভুল কৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বহুমূলীয়া জীৱন শেষ কৰিবলৈ বাধ্য হৈছে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এইবোৰ কিছুমান উদাহৰণ যিয়ে দেখুৱাইছে যে পিছপৰা সম্প্ৰদায়ত আত্মহত্যা সাধাৰণ হৈ পৰিছে। এই সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। এইবোৰে কেতিয়াবা শতিকাজোৰা সংগ্ৰামৰ কাহিনীও কয়। মই বিশ্বাস কৰোঁ যে যদি আমি এই সমস্যাটো সমাধান কৰিব বিচাৰো তেন্তে প্ৰথম পদক্ষেপটো হ’ল সমস্যাটো স্বীকাৰ কৰা আৰু চিনাক্ত কৰা।”

তেওঁ আৰু কয় যে তেওঁ অধিবক্তাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু সমানেই গুৰুত্বপূৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে শিক্ষাৰ পাঠ্যক্ৰমে কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত মমতাৰ ভাব জগাই তোলা উচিত নহয়, শৈক্ষিক পণ্ডিতসকলেও তেওঁলোকৰ চিন্তাৰ প্ৰতি সংবেদনশীল হ’ব লাগে।

তেওঁ কয়, “মই ভাবো যে বৈষম্যৰ বিষয়টো শিক্ষানুষ্ঠানসমূহত সহানুভূতিৰ অভাৱৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।” ন্যায়িক আৰু প্ৰশাসনিক কাম-কাজৰ বাহিৰেও ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাম হৈছে গাঁথনিগত বিষয়সমূহৰ ওপৰত পোহৰ পেলোৱা যে যিসকল সমাজৰ সন্মুখত আছে। তেওঁ কয়, “সেয়েহে প্ৰথম পদক্ষেপ হ’ব লাগে সহানুভূতি বৃদ্ধি কৰা। শিক্ষানুষ্ঠানসমূহে এই পদক্ষেপ গ্ৰহণ কৰিব লাগে।”