বঙাইগাওঁ জিলা যোগী সন্মিলনীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৪৫ গৰাকী কৃতিমানক সম্বৰ্ধনা

বঙাইগাওঁ জিলা যোগী সন্মিলনীৰ উদ্যোগত তথা সংগঠনটোৰ বইটামাৰী, বঙাইগাওঁ আৰু অভয়াপুৰী আঞ্চলিক সমিতিৰ সহযোগত নৰ্থ বইটামাৰীৰ ডেকলিমাৰীস্থিত বইটামাৰী আঞ্চলিক যোগী সমিতিৰ মুখ্য কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক সংগঠনটোৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়৷

উদীয়মান শিল্পী হলিৰাম নাথ আৰু সংগীবৃন্দই সমবেত সঙ্গীত পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি গিৰীন্দ্ৰ চন্দ্ৰ নাথৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সম্পাদক মহেশ নাথে ৷

অনুষ্ঠানত দুধনৈ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড° হৰকুমাৰ নাথ, বঙাইগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (ইংৰাজী মাধ্যম) অধ্যক্ষ আব্দুল মান্নান, বঙাইগাওঁ বি এড কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অনিতা নাথ আদি বিশিষ্ট ব্যক্তি সকলে ভাষণ প্ৰদান কৰে৷ একেটা অনুষ্ঠানত এম ফিল ডিগ্ৰী লাভ কৰা দুধনৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অৰ্চনা দেৱী, ডক্টৰেট ডিগ্ৰী লাভ কৰা বঙাইগাঁৱৰ অৰ্পিতা দেৱী আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী চিন্ময়ী দেৱীক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত শিল্পী কৰিশ্মা দেৱীয়ে জ্যোতি সংগীত আৰু শিল্পী চিন্ময়ী দেৱীয়ে গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে৷ উল্লেখ্য যে ২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ২৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ২২ গৰাকীসহ সৰ্বমুঠ ৪৫ গৰাকী কৃতিমানক সংগঠনটোৰ তৰফৰ পৰা গামোচা, কিতাপৰ টোপোলা, মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷