ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰতিবাদ; উত্তপ্ত পৰিস্থিতি

বিভিন্ন সময়ত বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে আন্দোলন কৰি অহাৰ সময়তে আজি নগাঁও জিলাৰ ধিঙস্থিত নগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যক্ষৰ বিৰুদ্ধে এক কৰা প্ৰতিবাদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে বিদ্যালয়খনত আজি পুৱা অধ্যক্ষ গৰাকীয়ে পি টিত দেৰিকৈ অহাৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীক ৰাতিপুৱাৰ আহাৰ খাবলৈ মানা কৰিছিল।

ফলত লগে লগে ছাত্ৰসকলে বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অধ্যক্ষ গৰাকীক অতি শীঘ্ৰে সলনি কৰাৰ দাবী জনায়।

লগতে বিদ্যালয়খনৰ ছাত্ৰ সকলে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে এজন ছাত্ৰক বিনা দোষত বেয়াকৈ প্ৰহাৰ কৰাৰো আভিযোগ উত্থাপন কৰে।

অৱশ্যে কিছু সময়ৰ পিছত বিদ্যালয়খনৰে একাংশ শিক্ষকৰ বুজনিত পৰিস্থিতি শাম কাটে।

আনহাতে ছাত্ৰ সকলে বিদ্যালয়খনৰে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে কৰা এনে প্ৰতিবাদত একাংশ ছাত্ৰই দুখ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অসমৰ ভিতৰতে সুন্দৰ পৰিৱেশ থকা বিদ্যালয়খনৰ আজিৰ পৰিৱেশক লৈ ধিঙৰ শৈক্ষিক মহল চিন্তিত হোৱাৰ লগতে দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনৰ একাংশ উদণ্ড  ছাত্ৰই বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ আছে।

তাৰোপৰি একাংশ ছাত্ৰৰ বিৰুদ্ধে বিদ্যালয়ৰ ভিতৰতে মদ, ভাঙৰ দৰে নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাৰ অভিযোগো উঠিছে।