গান্ধী জয়ন্তী উপলক্ষে প্ৰদৰ্শিত বাটৰ নাটেৰে মঙলবাৰে গুৱাহাটীক মুহিলে ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত স্থাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।
অসম চৰকাৰৰ সহযোগিতাত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখৰ পথত বিশ্ববিদ্যালয়খনৰ নীৰৱ বৰা নামৰ এজন ছাত্ৰৰ চিত্ৰাংকণ আৰু ছাত্ৰ-ছাত্ৰীৰ দল এটাৰ বাটৰ নাটে উপস্থিত লোকসকলৰ ব্যাপক সমাদৰ লাভ কৰে।
বৰাই ছবি আৰু বাকী শিক্ষাৰ্থীসকলে নাটকেৰে গান্ধী আৰু তেওঁৰ আদৰ্শ তুলি ধৰিব খোজাৰ প্ৰচেষ্টাক দৰ্শকে জাউৰি জাউৰিয়ে হাত চাপৰিৰে উৎসাহ যোগায়।
গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ MyGov Assamৰ সহযোগিতাত এই কাৰ্য্যসূচী ৰূপায়িত কৰিছিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে।
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শাসনকালত ধৰ্মীয় সংস্থাটোৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় অসম আইন XIX of ২০১৩ যোগে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল।