উদ্ভট! কোভিডকালীন পৰিস্থিতিতো মাচুল বৃদ্ধিৰে শিক্ষাৰ্থীৰ ওপৰত মাধমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ

WhatsApp Image 2021-08-08 at 11.33.34 AM

কোভিড অতিমাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত আৰু জনগণৰ স্বাভাৱিক জীৱনযাত্ৰা প্ৰায় স্তব্ধ কৰি তোলাৰ সময়তে হঠকাৰিতাৰে মাচুল বৃদ্ধি কৰিছে অসমৰ এখন ৰাজহুৱা কেন্দ্ৰীয় উচ্চ শিক্ষানুষ্ঠানে।

শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত মাধমাৰ শোধাই অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিছে শিক্ষাৰ্থীৰ বিভিন্ন শিতানৰ মাচুলৰ পৰিমাণ।

দেশৰ কোভিডকালীন অৰ্থনৈতিক মন্দাৱস্থা আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে UGC য়ে শিক্ষাৰ্থীক সকাহ দিবলৈ দিয়া আহ্বানকো বৃ্দ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি উচ্চ শিক্ষানুষ্ঠানখনে শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ মূৰৰ ওপৰত ৰাম টাঙোন শোধোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে কোভিডকালীন পৰিস্থিতিত জুৰুলা হোৱাৰ বাবে ২০২০ বৰ্ষত UGC য়ে শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে মাচুল সংগ্ৰহত সকাহ দিবলৈ উচ্চ শিক্ষানুষ্ঠানসমূহক আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু UGCৰ এই পত্ৰৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বৰং মাচুল বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীসকলক মাত্ৰ দুদিনৰ ভিতৰতে নামভৰ্তিৰ মাচুল আদায় দিবলৈ নিৰ্দেশ দিয়ে শিক্ষানুষ্ঠানখনে।

কোভিডকালীন পৰিস্থিতিত উচ্চ শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই জাৰি কৰা এই হঠকাৰী নিৰ্দেশ লাভ কৰি এতিয়া থৰকাছুটি হেৰুৱাইছে শিক্ষাৰ্থীসকলে।

এই জাননী লাভ কৰাৰ পিছতে শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

দয়া মমতাহীন কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ বিভিন্ন বিভাগৰ গ্ৰীষ্মকালীন ছেমিষ্টাৰ নামভৰ্তিৰ মাচুল পূৰ্বৰ মাচুলতকৈ ১২০০ৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত উপলব্ধ তথ্যৰ মতে বিভাগ অনুসৰি বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই PHDৰ শিক্ষাৰ্থীৰ ১৩৫০ টকা, Integrated MScৰ ২০০০ টকা, Integrated M.comৰ ১২০০ টকা, MA আৰু M.comৰ মাচুল ১৫০০ টকাকৈ বৃদ্ধি কৰিছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ লাইবেৰী, চিকিৎসা, লেবৰটৰী, আন্তঃগাঁথনি, বিদ্যুৎ, উন্নয়ন পুঁজি আদি সকলো মাচুলৰে পৰিমাণ বৃদ্ধি কৰিছে।

আনহাতে, কোভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ হোষ্টেল, লেবৰেটৰী, বিদ্যুৎ, চিকিৎসা সেৱা আদিৰ সুবিধা ব্যৱহাৰ কৰি অহা নাই। কিন্তু ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়খনে উক্ত শিতানসমূহত মাচুল ৰেহাই দিয়াৰ পৰিৱৰ্তে বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে।

ইফালে অতি হঠকাৰিতাৰে যোৱা ৩০ জুলাইত জাননী জাৰি কৰি মাত্ৰ দুদিনৰ ভিতৰত অৰ্থাৎ ২ৰ পৰা ৪ আগষ্টৰ ভিতৰত  শিক্ষাৰ্থীসকলক নামভৰ্তিৰ মাচুল অনলাইনযোগে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল।

জানিব পৰা মতে বিশ্বিবিদ্যালয়খনৰ ১৫০ৰো অধিক গৱেষক শিক্ষাৰ্থীয়ে মাচুল বৃদ্ধিৰ বাবে নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নাই।

শিক্ষানুষ্ঠানখনৰ ছাত্ৰ পৰিষদে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এই সম্পৰ্কে আলোচনাত মিলিত হ’লেও কৰ্তৃপক্ষই কৌশলী পন্থা অৱলম্বন কৰা বুলিহে জানিব পৰা গৈছে।

ইফালে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে PhD গৱেষক শিক্ষাৰ্থীসকলে মাহে মাহে পাবলগীয়া Institutional Fellowship নিয়মীয়াকৈ প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ কৰিছে গৱেষক শিক্ষাৰ্থীসকলে।