কৰ’না ভাইৰাছৰ ওপৰত গৱেষকসকলে নতুন নতুন তথ্য প্ৰকাশ কৰি আহিছে। এক নতুন গৱেষণাক কৰ’না ভাইৰাছ আৰু ডেংগুৰ মাজত সংযোগ বিচাৰি পোৱা গৈছে।
গৱেষণাৰ মতে, যিসকল লোকৰ এবাৰ ডেংগু জ্বৰ হৈ গৈছে, তেওঁলোকৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে যিয়ে কৰ’না ভাইৰাছৰ সৈতে যুঁজাত সহায় কৰে।
ডিউক য়ুনিভৰ্ছিটিৰ অধ্যাপক মিগুৱেল নিকোলিছে কিছুমান ঠাইত ২০১৯-২০২০ত বিয়পা ডেংগু আৰু কৰ’নাৰ মাজৰ সম্বন্ধৰ বিষয়ে জানিবলৈ দিয়ে।
তেওঁ কয় যে যিবোৰ ঠাইত এই বছৰ বা যোৱা বছৰ ডেংগু বিয়পিছিল তাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম হোৱাৰ লগতে খুব ধীৰ গতিৰে বিয়পিছে।
গৱেষণাত কোৱা হৈছে,’’ডেংগুৰ ফ্লেবি ভাইৰাছ ছেৰ’টাইপ আৰু SARS-CoV-2ৰ মাজত এক গোপন সম্পৰ্ক আছে। ডেংগু ভাইৰাছৰ এন্টিবডি কৰ’না ভাইৰাছৰ ওপৰত কাম কৰে। যদি এইটো প্ৰমানিত হয় তেতিয়াহ’লে কোৱা হৈছে যে ডেংগু সংক্ৰমণ বা পুনৰ ডেংগুৰ এক সুৰক্ষিত তথা প্ৰভাৱশালী ভেকচিনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে বহুখিনি সুৰক্ষা দিব পাৰে।‘’
নিকোলিছে জানিবলৈ দিয়া এক গুৰুত্বপূৰ্ণ তথ্য মতে বিগত কেইবাটাও অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে যাৰ তেজত ডেংগুৰ এন্টিবডি পোৱা গৈছে, কৰ’না ভাইৰাছ সংক্ৰমিত নোহোৱাৰ পাছতো টেষ্টত তেওঁলোকৰ ভুলকৈ পজিটিভ আহি গৈছে।
তেওঁ কয়,’’এইটোৱে বুজায় যে দুয়োটা ভাইৰাছৰ মাজত এক প্ৰতিৰোধমূলক সম্পৰ্কও থাকিব পাৰে। দুয়োটা ভাইৰাছ এটাৰ পৰা আনটো সম্পূৰ্ণ ভিন্ন হোৱা বাবে যিটো কোনোৱে আশা কৰা নাছিল।‘’
নিকোলিছে এই ভাইৰাছ দুটাৰ মাজৰ সম্পৰ্কৰ বিষয়ত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে। নিকোলিছে চলোৱা অধ্যয়ন এতিয়াও প্ৰকাশ পোৱা নাই যদিও MedRxiv প্ৰি প্ৰিন্ট চাৰ্ভাৰত ইয়াৰ সমীক্ষাৰ বাবে দিয়া হৈছে।
অধ্যয়নত ব্ৰাজিলৰ কিছুমান অঞ্চলত কমকৈ বিয়পা কৰ’না ভাইৰাছ আৰু ডেংগুৰ বাবে শৰীৰত সৃষ্টি হোৱা এন্টবডিৰ মাজত এক গুৰুত্বপূৰ্ণ সম্বন্ধ বিচাৰি পোৱা গৈছে।
আনহাতে, ব্ৰাজিলৰ কিছুমান অঞ্চলত কৰ’না ভাইৰাছৰ বহুত বেছি আক্ৰান্তৰ সংখ্যা পোৱা গৈছিল।
যোৱা বছৰ আৰু এই বছৰৰ আৰম্ভণিত ব্ৰাজিলৰ কিছুমান অঞ্চল ডেংগুৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল। ব্ৰাজিলৰ আন অংশৰ তুলনাত ইয়াত এই অংশ গোষ্ঠী সংক্ৰমণ বিয়পাত বহুত সময় লাগিছিল।
গৱেষকসকলে ডেংগুৰ ঘটনা আৰু কোভিড-১৯ৰ ধীৰ গতিৰ সংক্ৰমণৰ মাজত এক শক্তিশালী সম্পৰ্ক বিচাৰি পাইছে।
নিকোলিছে কয় যে বিজ্ঞান এনেকুৱাই হয়, আপুনি কোনো বিষয়ৰ সন্ধান কৰে আৰু আপুনি কেতিয়াও কল্পনা নকৰা আন কোনো বিষয়ৰ মুখামুখি হৈ পৰে।