• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগতে যদি এই বেমাৰ হৈছে তেতিয়াহ’লে কৰ’নাৰ সৈতে যুঁজ দিয়াত ই সহায় কৰিব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 22, 2020 12:46 pm

2 min read

WhatsApp Image 2020-09-22 at 12.02.38 PM
638
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ ওপৰত গৱেষকসকলে নতুন নতুন তথ্য প্ৰকাশ কৰি আহিছে। এক নতুন গৱেষণাক কৰ’না ভাইৰাছ আৰু ডেংগুৰ মাজত সংযোগ বিচাৰি পোৱা গৈছে।

গৱেষণাৰ মতে, যিসকল লোকৰ এবাৰ ডেংগু জ্বৰ হৈ গৈছে, তেওঁলোকৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা  গঢ়ি উঠে যিয়ে কৰ’না ভাইৰাছৰ সৈতে যুঁজাত সহায় কৰে।

ডিউক য়ুনিভৰ্ছিটিৰ অধ্যাপক মিগুৱেল নিকোলিছে কিছুমান ঠাইত ২০১৯-২০২০ত বিয়পা ডেংগু আৰু কৰ’নাৰ মাজৰ সম্বন্ধৰ বিষয়ে জানিবলৈ দিয়ে।

তেওঁ কয় যে যিবোৰ ঠাইত এই বছৰ বা যোৱা বছৰ ডেংগু বিয়পিছিল তাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম হোৱাৰ লগতে খুব ধীৰ গতিৰে বিয়পিছে।

গৱেষণাত কোৱা হৈছে,’’ডেংগুৰ ফ্লেবি ভাইৰাছ ছেৰ’টাইপ আৰু SARS-CoV-2ৰ মাজত এক গোপন সম্পৰ্ক আছে। ডেংগু ভাইৰাছৰ এন্টিবডি কৰ’না ভাইৰাছৰ ওপৰত কাম কৰে। যদি এইটো প্ৰমানিত হয় তেতিয়াহ’লে কোৱা হৈছে যে ডেংগু সংক্ৰমণ বা পুনৰ ডেংগুৰ এক সুৰক্ষিত তথা প্ৰভাৱশালী ভেকচিনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে বহুখিনি সুৰক্ষা দিব পাৰে।‘’

নিকোলিছে জানিবলৈ দিয়া এক গুৰুত্বপূৰ্ণ তথ্য মতে  বিগত কেইবাটাও অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে যাৰ তেজত ডেংগুৰ এন্টিবডি পোৱা গৈছে, কৰ’না ভাইৰাছ সংক্ৰমিত নোহোৱাৰ পাছতো টেষ্টত তেওঁলোকৰ ভুলকৈ পজিটিভ আহি গৈছে।

তেওঁ কয়,’’এইটোৱে বুজায় যে দুয়োটা ভাইৰাছৰ মাজত এক প্ৰতিৰোধমূলক সম্পৰ্কও থাকিব পাৰে। দুয়োটা ভাইৰাছ এটাৰ পৰা আনটো সম্পূৰ্ণ ভিন্ন হোৱা বাবে যিটো কোনোৱে আশা কৰা নাছিল।‘’

নিকোলিছে এই ভাইৰাছ দুটাৰ মাজৰ সম্পৰ্কৰ বিষয়ত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে। নিকোলিছে চলোৱা অধ্যয়ন এতিয়াও প্ৰকাশ পোৱা নাই যদিও MedRxiv প্ৰি প্ৰিন্ট চাৰ্ভাৰত ইয়াৰ সমীক্ষাৰ বাবে দিয়া হৈছে।

অধ্যয়নত ব্ৰাজিলৰ কিছুমান অঞ্চলত কমকৈ বিয়পা কৰ’না ভাইৰাছ আৰু ডেংগুৰ বাবে শৰীৰত সৃষ্টি হোৱা এন্টবডিৰ মাজত এক গুৰুত্বপূৰ্ণ সম্বন্ধ বিচাৰি পোৱা গৈছে।

আনহাতে, ব্ৰাজিলৰ কিছুমান অঞ্চলত কৰ’না ভাইৰাছৰ বহুত বেছি আক্ৰান্তৰ সংখ্যা পোৱা গৈছিল।

যোৱা বছৰ আৰু এই বছৰৰ আৰম্ভণিত ব্ৰাজিলৰ কিছুমান অঞ্চল ডেংগুৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল। ব্ৰাজিলৰ আন অংশৰ তুলনাত ইয়াত এই অংশ গোষ্ঠী সংক্ৰমণ বিয়পাত বহুত সময় লাগিছিল।

গৱেষকসকলে ডেংগুৰ ঘটনা আৰু কোভিড-১৯ৰ ধীৰ গতিৰ সংক্ৰমণৰ মাজত এক শক্তিশালী সম্পৰ্ক বিচাৰি পাইছে।

নিকোলিছে কয় যে বিজ্ঞান এনেকুৱাই হয়, আপুনি কোনো বিষয়ৰ সন্ধান কৰে আৰু আপুনি কেতিয়াও কল্পনা নকৰা আন কোনো বিষয়ৰ মুখামুখি হৈ পৰে।

Tags: COVID-19

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd