NORTHEAST NOW (Assamese)

গোগামুখ-চাউলধোৱা শ্মশানৰ সীমা দেৱাল নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

August 2, 2023 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 2, 2023 1:18 pm

উত্তৰ লখিমপুৰৰ জিলা আয়ুক্ত শ্ৰী সুমিত সত্তাৱান আৰু এনএইচপিচিৰ  কাৰ্যবাহী সঞ্চালক শ্ৰী বিপিন গুপ্তাৰ উপস্থিতিত গোগামুখ-চাউলধোৱা শ্মশানৰ সীমা দেৱাল নিৰ্মাণৰ বাবে অসম চৰকাৰৰ বগীনদী খণ্ড উন্নয়ন বিষয়াৰ সৈতে এনএইচপিচি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। 

অনুষ্ঠানটোত এন এইচ পি চি লিমিটেডৰ গ্ৰুপ জেনেৰেল মেনেজাৰ শ্ৰী ৰাজেন্দ্ৰ প্ৰসাদ, জেনেৰেল মেনেজাৰ (বিত্ত) শ্ৰী পল্লৱ, জেনেৰেল মেনেজাৰ (জন সম্পৰ্ক) শ্ৰী এন কে জৈন আৰু উত্তৰ লখিমপুৰৰ জিলা প্ৰশাসনৰ বিষয়াসকলও উপস্থিত আছিল।

গ্ৰামোন্নয়ন খণ্ডত এনএইচপিচিৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ-এছডি) নীতিৰ অধীনত ২৭.৫০ লাখ টকাৰ আঁচনিৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সীমাবেৰ নিৰ্মাণৰ ফলত অসমৰ উত্তৰ লখিমপুৰ জিলাৰ গোগামুখ-চাউলধোৱা অঞ্চলৰ লোকসকল  সমাধিস্থলত মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়াত উপকৃত হব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী বিপিন গুপ্তাই এন এইচ পি চি লিমিটেডৰ দ্বাৰা “বৃহত্তৰ গোগামুখ আৰু চাউলধোৱা শ্মশান পৰিচালানা কমিটি”ৰ দীৰ্ঘদিনধৰি অমীমাংসিত হৈ থকা দাবী পূৰণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু উত্তৰ লখিমপুৰৰ জিলা আয়ুক্ত আৰু “বৃহত্তৰ গোগামুখ আৰু চাউলধোৱা শ্মশান পৰিচালানা কমিটি”ক দেৱাল নিৰ্মাণত সৰ্বশ্ৰেষ্ঠ মানদণ্ড নিশ্চিত কৰিবলৈ অনুৰোধ জনায়।

Related News