জালনোট আৰু অস্ত্ৰ ব্যৱসায়ৰ বাংলাদেশী চক্ৰৰ সৈতে জড়িত সুবোধ বিশ্বাস : গ্ৰেপ্তাৰী পৰোৱানা কলকাতা আদালতৰ

সুবোধ বিশ্বাসৰ সহযোগী সুভাষ বিশ্বাক চিলাপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ এছ টি এফৰ দলে

Subodh Bishwas

সুবোধ বিশ্বাস। সোঁফালৰ পৰা দ্বিতীয়জন।

অসমত বসবাস কৰা সকলো বাঙালীকে নাগৰিকত্ব দিব লাগে বুলি দাবী তুলি হিংসাত্মক আন্দোলন কৰি পিছত কাৰাবাস খাটিব লগীয়া হোৱা সুবোধ বিশ্বাসৰ স্বৰূপ অধিক ভালকৈ উন্মোচিত হোৱাৰ পথত।

চিলাপথাৰ কাণ্ডৰে অসমীয়া মানুহৰ দৃষ্টিত খলনায়কত পৰিণত হোৱা নিখিল ভাৰত বাঙালী উদাস্তু সমন্বয় সমিতি (NBBUSS)ৰ নেতাজন জালনোট আৰু অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰা বাংলাদেশী চক্ৰ এটাৰ সৈতে জড়িত হৈ আছে বহু দিনৰ পৰাই। তেওঁৰ লগতে চিলাপথাৰ কাণ্ডৰ আন এজন সহযোগী সুভাষ বিশ্বাসো এই চক্ৰটোৰ সৈতে জড়িত হৈ আছে।

দুয়োজনৰ বিৰুদ্ধে ইতিমধ্যে কলকাতাত স্পেচিয়েল টাস্ক ফ’ৰ্চে ভাৰতীয় দণ্ডবিধিৰ মাৰণাস্ত্ৰ আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াৰ পদক্ষেপ হিচাপে ৯ নৱেম্বৰত কলকাতাৰ এছ টি এফৰ এটা দল আহি ধেমাজিৰ চিলাপথাৰৰ ঘৰৰ পৰা সুবোধ বিশ্বাসৰ সহযোগী সুভাষ বিশ্বাসক গ্ৰেপ্তাৰ কৰি কলকাতালৈ লৈ যায়।

ইফালে চিলাপথাৰ কাণ্ডৰ গোচৰত বৰ্তমান জামিন লৈ কাণপুৰত থকা সুবোধ বিশ্বাসকো আজি-কাইলৈৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত অবৈধ মাৰণাস্ত্ৰ ৰখা, জালনোটৰ ব্যৱসায় কৰাৰ অপৰাধত অলিন শ্বাহ নামৰ এজন লোকক কলকাতাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক বাংলাদেশৰ নাগৰিক বুলি জানিব পাৰি পিছত বিদেশী আইনৰ অধীনতো গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীৰ জেৰাত তেওঁ জালনোট আৰু অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে। ইয়াৰ উপৰি ধনৰ বিনিময়ত বাংলাদেশৰ নাগৰিকক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰি দিয়ে বুলিও স্বীকাৰ কৰে। ইফালে অলিন শ্বাহে তেওঁৰ অবৈধ অস্ত্ৰ সৰবৰাহ আৰু জালনোটৰ ব্যৱসায়ত সুবোধ বিশ্বাস আৰু সুভাষ বিশ্বাসৰ সহযোগ থকাৰ কথা স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিত্তিতে কলকাতাৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে দুই বিশ্বাসৰ বিৰুদ্ধে কলকাতাত গোচৰ ৰুজু কৰে।

মন কৰিব লগীয়া যে সুবোধ বিশ্বাসে দীৰ্ঘদিনৰ পৰা সমগ্ৰ ভাৰতৰ বিভিন্ন ঠাইত থকা হিন্দু বাংলাদেশীসকলক ভাৰতত নিঃচৰ্ত নাগৰিকত্ব প্ৰদানৰ বাবে কাম কৰি আহিছে। বিজেপি আৰ এছ এছৰ বহু ডাঙৰ নেতাৰ সৈতে সুসম্পৰ্ক আছে সুবোধ বিশ্বাসৰ। অসমত চিলাপথাৰ কাণ্ডৰ আগলৈকে নিখিল ভাৰত বাঙালী উদাস্তু সমন্বয় সমিতি (NBBUSS) নামৰ সংগঠনটোৰ জৰিয়তে হিন্দু বাংলাদেশীৰ হৈ নীৰৱে কাম কৰি আছিল সুবোধ বিশ্বাসে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমৰ একাংশ বাঙালী সংগঠনৰ মাজত সুবোধ বিশ্বাসৰ বিশেষ আদৰ আছে আৰু তেওঁ যোৱা ছেপ্তেম্বৰত কাৰাগাৰৰ পৰা ওলাওঁতে অসমৰ বহুকেইটা বাঙালী সংগঠনে বীৰৰ দৰে সন্মান জনাই আদৰিছিল। আনহাতে যোৱা মাহত আদালতৰ অনুমতি সাপেক্ষে কাণপুৰলৈ যোৱাৰ পথতো কলকাতা বিমান বন্দৰত তেওঁক সা-সন্মানে আদৰিছিল কিছু সংখ্যক বাঙালী সংগঠনে।