• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2025 10:12 am
428
VIEWS
Share on FacebookShare on Twitter

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলে এছ জয়শংকৰে। এইবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিছে। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন বিশেষ প্ৰতিনিধিয়ে কাবুললৈ উৰা মাৰি তালিবানৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছিল। ফলত প্ৰশ্ন উত্থাপন হয়, পাকিস্তানৰ সৈতে সংঘাতৰ মাজতে ভাৰতে ইছলামবাদৰ ‘শত্ৰু’ তালিবানৰ সৈতে হাত মিলাইছে নেকি?

জয়শংকৰে বৃহস্পতিবাৰে এক্স হেণ্ডেলত কয় যে আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী মাউলাই আমিৰ খান মুত্তাকিৰ সৈতে আলোচনা কৰা হৈছে। পেহেলগাম আক্ৰমণক তেওঁ যিদৰে গৰিহণা দিছিল, তাৰ মই অতিশয় শলাগ লৈছো।‘ এটা এক্স-পোষ্টত বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাকিস্তানী সংবাদ মাধ্যমে ভুৱা বাতৰি বিয়পাই ভাৰত আৰু আফগানিস্তানৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে তালিবানৰ বৈদেশিক মন্ত্ৰীয়ে সেই প্ৰচেষ্টা নাকচ কৰে।

আনহাতে, তালিবানৰ যোগাযোগ সঞ্চালক হাফিজ জিয়া আহমেদে কয় যে ফোনত হোৱা কথা-বতৰাৰ সময়ত জয়শংকৰক অধিক আফগান নাগৰিকৰ বাবে ভিছাৰ বাবে আবেদন কৰিবলৈ কোৱা হৈছিল। চাবাহৰ বন্দৰক লৈও আলোচনা হয়। মন কৰিবলগীয়া যে, ভাৰত-পাকিস্তান সীমান্ত বন্ধ হোৱাৰ ফলত আফগানিস্তানৰ সৈতে ভাৰতৰ বাণিজ্যতো প্ৰভাৱ পৰিছে। ফলত কাবুললৈ চাবাহাৰ বন্দৰৰ গুৰুত্ব বাঢ়িছে। মুঠৰ ওপৰত জয়শংকৰৰ ফোন কলৰ পাছত তালিবান চৰকাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে বুলি বিশ্লেষকসকলে অনুমান কৰিছে।

মন কৰিবলগীয়া যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আফগানিস্তান, ইৰাণ আৰু পাকিস্তান বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশে কিছুদিন পূৰ্বে কাবুল ভ্ৰমণ কৰিছিল। তেওঁ তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে। কিন্তু ভাৰতে এতিয়াও আফগানিস্তানত তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই।

Recent News

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd