চ্যাকচেছ ইণ্ডিয়া আইকন এৱাৰ্ড ২০২০ অসমৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ

অসম তথা উত্তৰ-পূৱৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, বিভিন্ন কুসংস্কাৰ, ডাইনীকাণ্ড, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে আৰু বিজ্ঞান মনস্কতা, মানৱতা আৰু শান্তিৰ বাবে উৎকৃষ্ট সেৱা আগবঢ়াই অহাৰ বাবে দক্ষিণ ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ব্ৰাণ্ডজ আৰু চ্যাকচেছ ইণ্ডিয়াৰ এক সমীক্ষাত উত্তৰ পূব ভাৰতৰ পৰা নিৰ্বাচিত কৰি অসমৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক এচিভাৰ্ছ আইকন এৱাৰ্ড ২০২০ প্ৰদান কৰা হয়৷

আজি (২০ ছেপ্তেম্বৰ ২০২০) অনলাইনযোগে প্ৰদান কৰা ই-চাৰ্টিফিকেটৰ লগতে এই বঁটাত মেডেল, মানপত্ৰ, বিশেষ স্মাৰকৰ উপৰি বঁটা প্ৰাপকৰ কৰ্মজীৱন আৰু সামাজিক জীৱন-সংগ্ৰাম আৰু সফলতাৰ ওপৰত চলিত বৰ্ষত দুয়োখন আলোচনীয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচ্ছদ নিবন্ধ প্ৰকাশ কৰিব ।

উল্লেখ্য যে অসমৰ অন্ধবিশ্বাস আৰু ডাইনীকাণ্ড প্ৰতিৰোধ আইন “The Assam Witch Haunting (PPP) Act 2015″ৰ অন্যতম দাবীদাৰ তথা অন্যতন হোতা ড° দিব্যজ্যোতি শইকীয়াই বৰ্তমান দলবদ্ধ আক্ৰমণ/ গণ প্ৰহাৰ অৰ্থাৎ মব লিন্‌ছিং প্ৰতিৰোধৰ বাবে এখন আইনৰ দাবী কৰি অহাৰ উপৰি সাম্প্ৰতিক ক’ৰ’ণা পৰিস্থিতিত একাংশ লোকক মাস্ক, চেনিটাইজাৰ, দৈনন্দিন লাগতীয়াল সামগ্ৰীৰ লগতে খাদ্যসামগ্ৰী প্ৰদান কৰি সেৱা আগবঢ়াই অহাৰ উপৰি ৰেডিঅ’, টেলিভিশ্যন, সামাজিক মাধ্যম আদিৰ যোগে COVID19ৰ ওপৰত সজাগতা মূলক প্ৰেৰণাদায়ক বাৰ্তা আগবঢ়াই আহিছে ৷

অন্ধবিশ্বাস ডাইনীকাণ্ড ৰোধৰ উপৰি বানাক্ৰান্ত লোকক সহায় কৰা, আন্তৰাজ্যিক সীমা সমস্যা, ভাতৃত্ববোধ, শান্তি, সম্প্ৰীতি তথা মানৱতাৰ হকে আগবঢ়োৱা সেৱাৰ বাবে ড° দিব্যজ্যোতি শইকীয়াক ইতিমধ্যে হোপ ইণ্টাৰনেশ্যনেল ফাউণ্ডেচ্যন ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা নেলচ্যন মেণ্ডেলা ইণ্টাৰনেশ্যনেল পিচ এৱাৰ্ড, ভাৰ্চেটাইল জিনিয়াচ এৱাৰ্ড (Versatile Genius Award), মেইহৰ টাইমচ ৰাজীৱ গান্ধী নেশ্যনেল এৱাৰ্ড, ভাৰত চৰকাৰৰ সৌজন্যত বাবু জগজীৱন ৰাম স্মাৰক সন্মান, জী-টাউন আলোচনীৰ পৰা শ্ৰেষ্ঠ মানৱতা আৰু সমাজসেৱাৰ বঁটা, ষ্টাৰ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা ইন্ডেপেন্ডেণ্ট এৱাৰ্ড আৰু ৰিপাব্লিক এৱাৰ্ড ২০২০, চণ্ট গাৰ্ণে বাবা ৰাষ্ট্ৰীয় বঁটা, ড° ভূপেন হাজৰীকা শান্তি বঁটা, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, মানস ট্ৰাষ্টৰ পৰা বেষ্ট এচিভাৰ এৱাৰ্ড, ডি ডি ফাউণ্ডেচনৰ পৰা ইণ্টাৰনেশ্যনেল গ’ল্ডেন এৱাৰ্ড আদিকে ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৫৯টা বঁটা, সম্বৰ্ধনা আৰু সন্মান আগ বঢ়াইছে।