NORTHEAST NOW (Assamese)

অস্বাভাৱিক হাৰত বাঢ়িছে নামনি অসমৰ কেইবাটাও নদীৰ পানী

July 23, 2019 12:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰা শেহতীয়া বানৰ কৱলৰ পৰা সমান্য পৰিমানে সকাহ পাবলৈ ধৰাৰ সময়তে পুনৰ এবাৰ বানৰ কৱলত পৰাৰ আশংকাত ভুগিছে নামনি অসমৰ লোকসকল।

ৰাজ্যৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা বান পৰিস্থিতি কিছু পৰিমানে স্বাভাৱিক হ’বলৈ ধৰাৰ সময়তে নামনি অসমৰ কেইবাটাও নদীৰ পানী পুনৰ বৃদ্ধি পোৱা কাৰ্যই চিন্তিত কৰি তুলিছে বৰপেটা, বাক্সা তথা নলবাৰী জিলাৰ কিছু কিছু অঞ্চলবাসীক।

জানিব পৰা মতে ভূটানত হোৱা প্ৰৱল বৰষুণৰ বাবে কালদিয়া, পহুমাৰা, পাগলাদিয়া আদিৰ দৰে নদীৰ জলপৃষ্ঠ সোমবাৰৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। যাৰ ফলত ভঙা মথাউৰি সমূহেৰে পুনৰ পানী সোমোৱা বুলি খবৰ আহিছে।

শেহতীয়া খবৰ অনুসৰি বজালীৰ অকয়া গাঁও পুনৰ এবাৰ বানত বুৰ গৈছে। ইয়াৰ উপৰি মৰাপাগলাদিয়াৰ বাঢ়নি পানীয়ে পুনৰ টিহুৰ পৰা শিয়ালমাৰী হৈ গোৱৰাদললৈ যোৱা পথছোৱা বুৰাই পেলোৱাত যাতায়াত ব্যাহত হৈ পৰে।

ইফালে একাংশ লোকৰ অভিযোগ অনুসৰি ভূটানে পানী এৰি দিয়াৰ ফলত এনেদৰে পুনৰ এবাৰ বানৰ কৱলত পৰিছে নামনি অসমৰ বিভিন্ন অঞ্চল।

Related News