• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাৱাটৰ স্থলাভিষিক্ত হোৱাৰ দৌৰত পৰৱৰ্তী উপ-সেনাধ্যক্ষ নাৰাৱানে

Subir Bhoumik সুবীৰ ভৌমিক
কলকাতা , July 23, 2019 12:14 pm

2 min read

army-vice-chief-1140x570

লেফটেনেন্ট জেনেৰেল এম এম নাৰাৱানেৰ ফাইল ফটো। ৱাকিপেডিয়াৰ সৌজন্যত

456
VIEWS
Share on FacebookShare on Twitter

লেফটেনেন্ট জেনেৰেল এম এম নাৰাৱানে ১.৩ মিলিয়ন সংখ্যাৰে শক্তিশালী ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনাধ্যক্ষ হিচাপে লেফটেনেন্ট জেনেৰেল ডি আনবুৰ পৰা অহা ৩১ আগষ্টত দায়িত্বভাৰ গ্ৰহণ কৰিব।

বৰ্তমান ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল নাৰাৱানে অহা ৩০ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া মুখ্য সেনাধ্যক্ষ বিপিন ৰাৱাটৰ পাছতে বাহিনীটোৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া।

সেনাধ্যক্ষ ৰাৱাটৰ উত্তৰসূৰী হিচাপে তেওঁ হৈছে অন্যতম পছন্দ। এইক্ষেত্ৰত তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী হৈছে বৰ্তমান নৰ্দাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং। সিঙ ২০১৬ চনৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত চলোৱা সামৰিক অভিযান ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ সময়ছোৱাত সঞ্চালক প্ৰধান আছিল।

চৰকাৰে জেনেৰেল ৰাৱাটক মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ সময়ত অৱশ্যে জ্যেষ্ঠতাৰ নীতিক অনুসৰণ কৰা নাছিল।

ইষ্টাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল প্ৰবীম বক্সীকে ধৰি কেইবাগৰাকীও তেওঁতকৈ জ্যেষ্ঠ লেফটেনেন্ট জেনেৰেলক বঞ্চিত কৰা হৈছিল।

সেনাই বৰ্তমান সময়ত অতিকৈ জড়িত হৈ ভূমিকা পালন কৰিবলগীয়া সন্ত্ৰাস বিৰোধী বিষয়ত অধিক অভিজ্ঞতা তথা পাৰদৰ্শিতা থকাৰ দোহাই দি ৰাৱাটক শীৰ্ষ অভিজ্ঞ বিষয়া বক্সীতকৈ অগ্ৰাধিকাৰ দিয়া হৈছিল।

কিন্তু বহু প্ৰসিদ্ধ ব্যক্তিয়ে মত পোষণ কৰিছিল যে সন্ত্ৰাস বিৰোধী মোকাবিলা কৰাটো সেনাৰ মূল ভূমিকা নহয় আৰু ই স্থিতি সলনি কৰি থকা চীন আৰু পাকিস্তানৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে দেশৰ সীমান্ত প্ৰতিৰক্ষাৰ কামত শক্তিশালীভাৱে দৃষ্টি দিয়া উচিত।

লেফটেনেন্ট জেনেৰেল নাৰাৱানেৰ নেতৃত্বত ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোটবোৰক উৎখাত কৰাৰ বাবে যৌথ অভিযান চলাইছিল।

সামৰিক অভিযানৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হৈ থকা লেফটেনেন্ট জেনেৰেল অনিল চৌহানে তেওঁৰ পদত স্থলাভিষিক্ত হ’ব।

সেনাৰ কামাণ্ডাৰ পৰ্যায়ত সলনি ঘটিবলগীয়া সকলৰ ভিতৰত আছে ছাউথ-ৱেষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল এ এছ ক্লেৰ, চেন্ট্ৰেল কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল আই এছ ঘুমন আৰু ভাৰতৰ নৰ্দাৰ্ণ আৰ্মিৰ সৈতে পাকিস্তানী সেনাৰ মুখামুখি হ’বলগীয়া গুৰুত্বপূৰ্ণ ৱেষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল আৰ পি সিং।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd