NORTHEAST NOW (Assamese)

মোগল সম্ৰাট হুমায়ুনৰ দিনত আৰম্ভ হৈছিল ৰাখী বন্ধনৰ পৰম্পৰা : বিতৰ্কিত পোষ্ট দি বিপদত সুধা মূৰ্তি

August 20, 2024 8:56 am · এন ই নাও নিউজ

ৰাখীবন্ধনৰ ইতিহাস আৰু ইয়াৰ তাৎপৰ্য  লিখিবলৈ গৈ বিতৰ্কৰ কেন্দ্ৰ আৰু সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিখ্যাত কোম্পানী ইনফ’ছিছৰৰ স্বতাধিকাৰ নাৰায়ণ মূৰ্তিৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুধা মূৰ্তি।

ৰাখী বন্ধন উপলক্ষে সামাজিক মাধ্যমত এটা ভিডিঅমুকলি কৰিছিল সুধা মূৰ্তিয়ে। ভিডিঅ’টোত তেওঁ কয় যে মোৰ বাবে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। ৰাখী বন্ধনত ভগ্নীসকলে নিজৰ ভাতৃৰ হাতত এডাল সূতা বান্ধি দিয়ে যাতে যেতিয়াই ভগ্নী গৰাকী যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াই ভাতৃয়ে তেওঁক ৰক্ষা কৰে।

কিন্তু কেৱল এয়াই নহয়, সুধা মূৰ্তিয়ে ব্যাখ্যা কৰে ৰাখী বন্ধনৰ ইতিহাস। তেওঁ কয়, “তেতিয়া মেবাৰৰ ৰাণী কৰ্ণৱতীৰ ৰাজ্য বিপদত পৰিছিল তেতিয়া ৰাণীয়ে কি কৰিব লাগে বুজিব পৰা নাছিল। এনে অৱস্থাত কৰ্ণৱতীয়ে মোগল সম্ৰাট হুমায়ুনক নিজৰ ভগ্নী বুলি স্বীকৃতি দি ৰক্ষা কৰিবলৈ অনুৰোধ কৰি সৰু সূতা এডাল পঠিয়াইছিল। প্ৰথমতে যেতিয়া হুমায়ুনে ইয়াৰ অৰ্থ বুজি পোৱা নাছিল যদিও, পিছত এই কথা বুজি পালে যে এয়া ভগ্নীৰ বাৰ্তা। ইয়াৰ পিছত সম্ৰাট হুমায়ুনে ৰাণী কৰ্ণৱতীক সহায় কৰিবলৈ দিল্লী এৰি গুচি যায়।

ভিডিঅ’ত কোৱা এই কথাষাৰে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যম। সামাজিক মাধ্যমৰ এটা অংশই সুধা মূৰ্তিৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে ৰক্ষাবন্ধনৰ আৰম্ভণিৰ কাহিনী আচলতে মোগলৰ সময়ৰ নহয়, মহাভাৰতৰ সময়ৰহে। শিশুপাল বধৰ সময়ত সুদৰ্শন চক্ৰত কৃষ্ণৰ আঙুলিত ঘা হোৱাত দ্ৰৌপদীয়ে কৃষ্ণৰ বস্ত্ৰৰ এটা অংশ ফালি ঘাঁত বান্ধিছিল। কৃষ্ণই দ্ৰৌপদীক আশ্বাস দিয়ে যে যেতিয়াই তাই বিপদৰ সন্মুখীন হ’ব তেতিয়াই তাইক ৰক্ষা কৰিব। ফলত কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ সন্মান বচাবলৈ কৃষ্ণ উপস্থিত হৈছিলগৈ।

কোনো কোনোৱে পুনৰ কয় যে শ্ৰৱণ পূৰ্ণিমা তিথিত লক্ষ্মীয়ে বিষ্ণুৰ অটল ভক্ত ৰজা বালিৰ হাতত ৰাখী বান্ধিছিল। তেতিয়াৰ পৰাই শ্ৰৱণ পূৰ্ণিমাৰ দিনা হাতত ৰাখী বান্ধি ৰখাৰ পৰম্পৰা এটা পৰম্পৰাত পৰিণত হৈছে।

মুঠৰ ওপৰত যিয়েই নহওক, ৰাখী বন্ধনৰ লগত মোগলৰ শাসকক জড়িত কৰি এতিয়া বিতৰ্ক আৰু বিপদৰ সুধা মূৰ্তি।

Related News