কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

চেনিৰ উৎপাদনত ভাৰতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

বিশ্বৰ চেনি উৎপাদকাৰী দেশসমূহৰ অন্যতম ব্ৰাজিলকো আনকি ভাৰতে চেৰাই যাবলৈ সক্ষম হৈছে।

২০২২-২৩ বৰ্ষত ভাৰত বিশ্বৰ সৰ্ববৃহৎ চেনি উৎপাদক হৈ পৰিছে। ভাৰতত উৎপাদিচ চেনিৰ পৰিমাণ ব্ৰাজিলতকৈ অধিক।

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহৎ চেনিৰ ৰপ্তানিকাৰী দেশত পৰিণত হৈছে। ২০১৮-১৯ বৰ্ষত চেনী উৎপাদন আছিল ৩৩২ লাখ মেট্ৰিক টন । ২০১৯-২০ বৰ্ষত, চেনিৰ উৎপাদন আছিল ২৭৪ লাখ মেট্ৰিক টন। ২০২০-২১ বৰ্ষত চেনিৰ উৎপাদন ৩১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।

চেনিৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে চেনিৰ ৰপ্তানিও বৃদ্ধি পাইছে। ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত ক্ৰমে ৬.২ লাখ মেট্ৰিক টন, ৩৮ লাখ মেট্ৰিক টন আৰু ৫৯.৬০ লাখ মেট্ৰিক টন চেনি ৰপ্তানি কৰা হৈছিল।

উল্লেখ্য মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত প্ৰায় ৮৯ শতাংশ চেনি উৎপাদন কৰা হয় ।

চেনিৰ উৎপাদন বৃদ্ধিৰ পিছতো অৱশ্যে দেশত চেনিৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰে ১ জুনৰ পৰা চেনিৰ ৰপ্তানি বন্ধ অথবা সীমিত কৰাৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্ত কাৰ্যকৰী হ’লেই ভাৰতত চেনিৰ দাম কমিব বুলি আশা কৰা হৈছে।

ভাৰতে কিছুদিন পূৰ্বে ঘেঁহুৰ ৰপ্তানিও বন্ধ অথবা সীমিত কৰাৰ কথা ঘোষণা কৰিছিল।