NORTHEAST NOW (Assamese)

কুঁহিয়াৰ ৰসৰ ৫ টা উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়ক

March 2, 2020 12:12 pm · এন ই নাও নিউজ

শীত শেষ হোৱাৰ পিছত গ্ৰীষ্ম আহিব। আমি গৰমত প্ৰায়ে দেশী-বিদেশী ক’ল্ড ড্ৰীংকছ পান কৰো। কিন্তু ক’ল্ড ড্ৰীংকছে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে।

গৰমত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মনো যথেষ্ট সতেজ হয়। আনহাতে কুঁহিয়াৰ ৰস খালে আমাৰ শৰীৰৰ বহু উপকাৰ হয়। আজি আমি কুঁহিয়াৰ ৰসৰ ৫ টা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছো।

  • কুঁহিয়াৰ ৰসে কেঞ্চাৰ প্ৰতিৰোধ কৰে। কেঞ্চাৰৰ কোষ বা বীজাণু বৃদ্ধি হোৱাত কুঁহিয়াৰ ৰসে বাধা প্ৰদান কৰে। যদি আপুনি এই ৰোগত ভুগি আছে তেনে কুঁহিয়াৰ ৰস খালে ইয়াৰ বৃদ্ধিক প্ৰতিহত কৰিব পাৰিব।
  • কিডনীৰ পাথৰ হোৱা ৰোগীক চিকিৎসকে কুঁহিয়াৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে। কুঁহিয়াৰ ৰসত যথেষ্ট পৰিমাণে অম্ল গুণ থাকে, আৰু ইয়ে কিডনীত হোৱা পাথৰৰ আকাৰ ক্ৰমশঃ হ্ৰাস কৰি অনাৰ লগতে পাথৰক কিডনীৰ পৰা বাহিৰ কৰি দিয়ে।
  • প্ৰস্ৰাৱ ইনফেকচন থকা লোকৰ বাবে কুঁহিয়াৰ ৰস অতি উপকাৰী। প্ৰসাৱৰ ইনফেকচনত ভুগা লোকে কুঁহিয়াৰ ৰস খালে শৰীৰৰ দূষিত পানী ভাগ উলাই যায়। ফলত প্ৰস্ৰাৱৰ ইনফেকচনৰ পৰা উপশম পাব পাৰি। কুঁহিয়াৰ ৰসে প্ৰস্ৰাৱ ইমফেকচন সম্পৰ্কীয় বহু সমস্যা দূৰ কৰে।
  • কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।
  • কুঁহিয়াৰ ৰসে শৰীৰৰ ৰোগ নিৰাময়ৰ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। গৰমৰ দিনত শৰীৰত যথেষ্ট পৰিমাণে পানীৰ অভাৱ হোৱা দেখা যায়। কুঁহিয়াৰ ৰস পুষ্টিকৰো। কুঁহিয়াৰ ৰসে এই পানীৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত থকা পুষ্টিয়ে শৰীৰত ৰোগ নিৰাময় আৰু প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

Related News