ৰমজানত ৰক্তাক্ত মছজিদ; সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত কাবুলত নিহত কমেও ৫০জন

ৰমজানৰ সময়তে আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ৰক্তাক্ত হৈ পৰিছে কাবুলৰ এটা মছজিদ। শুকুৰবাৰে জেহাদীৰ আত্মঘাতী বিস্ফোৰণত কমেও ৫০জন নিৰীহ লোক নিহত হোৱাৰ লগতে আন ৭৮ জন লোক আহত হৈছে।

দেশখনৰ গৃহ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে শুকুৰবাৰে স্থানীয় সময় নিশা দুই বজাত পশ্চিম কাবুলৰ খলিফা চাহেব মছজিদত এই আক্ৰমণৰ ঘটনা ঘটিছে।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ মহিলা সাংবাদিক

বাতৰি অনুসৰি, কাবুলৰ পশ্চিমাঞ্চলত অৱস্থিত চুন্নী সম্প্ৰদায়ৰ এই মছজিদত ৰমজানৰ পিছতে অনুষ্ঠিত ধৰ্মীয় সভাৰ বাবে বহু লোক সমবেত হৈছিল। এই আক্ৰমণৰ ঘটনাৰ আঁৰত ইছলামিক ষ্টেট (আই এছ আই এছ) সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

মছজিদত চলোৱা এই সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহনা দিছে ৰাষ্ট্ৰসংঘ তথা আমেৰিকা যুক্তৰাষ্ট্ৰই।

যোৱা ২০২১চনৰ আগষ্টত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰে। তাৰ পিছৰে পৰা দেশখনৰ বিভিন্ন মছজিদত তালিবানৰ বিৰোধী আই এছ- খোৰাছনে এটাৰ পিছত আন এটা বোমা আক্ৰমণ চলাইছে।  

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

বিগত কেইটামান সপ্তাহত আফগানিস্তানত বহুকেইটা আত্মঘাতী বোমা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণত প্ৰায় ১০০ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোক আহত হৈছে।

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলতো কুন্দুজৰ এটি চুন্নী সম্প্ৰদায়ৰ মছজিত চলোৱা বোমা আক্ৰমণত ৩৩জন লোক নিহত হৈছিল।