কাবুলত শিখ গুৰুদ্বাৰত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; ২৭জন নিহত

c770c93f86110aa6c2adcc339cf31e76

বুধবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ চোৰবজাৰ অঞ্চলত এটি শিখ গুৰুদ্বাৰত অচিনাক্ত আত্মঘাতী বোমাৰুৱে আক্ৰমণ চলাই ২৭জন লোকক হত্যা কৰে।

এগৰাকী সংখ্যালঘু শিখ সাংসদে এই কথা প্ৰকাশ কৰিছে।

বন্দুকধাৰী তথা আত্মঘাতী বোমাৰুৱে পুৱা ৭-৪৫বজাত গুৰুদ্বাৰত প্ৰৱেশ কৰি শিখসকলৰ আৰাধনাৰ স্থান ধৰমশালাত উপস্থিত হয়।

গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি, প্ৰতিৰক্ষা বাহিনীয়ে প্ৰত্যাক্ৰমণৰ বাবে গোটেই অঞ্চলটো বন্ধ কৰি ৰাখিছে।

আফগান বাহিনীয়ে গুৰুদ্বাৰটোৰ প্ৰথম মহলাটো খালি কৰিছে আৰু আত্মঘাতী বোমাৰুকেইজনে সুৰক্ষা বাহিনীৰ সৈতে যুঁজ অব্যাহত ৰাখিছে।

দেশখনৰ গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্ৰ তাৰিক এৰিয়নে এই কথা জানিবলৈ দিয়ে।

‘’অট্টালিকাটোৰ ভিতৰত আৱদ্ধ হৈ থকা কেইবাজনো লোকক উদ্ধাৰ কৰা হৈছে,’’-তেওঁ কয়।

সাংসদ নৰেন্দৰ সিং খালচাই কয় যে আক্ৰমণৰ সময়ত তেওঁ গুৰুদ্বাৰটোৰ কাষতে আছিল আৰু তালৈ দৌৰি গৈছিল। তেওঁ কমেও চাৰিজন লোক নিহত হোৱা বুলি জানিব দিয়ে।

‘’মন্দিৰটোৰ ভিতৰত প্ৰায় ১৫০ গৰাকী লোক আছে। পৰিয়ালৰ সৈতে লোকসকল আছে আৰু তেওঁলোকে সাধাৰণতে ৰাতিপুৱা আৰাধনাৰ বাবে তাত সমবেত হয়,’’-আফগান সংসদৰ এগৰাকী শিখ সাংসদ অমৰকলি কৌৰ অনাৰিয়াৰে কয়।

‘’মন্দিৰটোৰ ভিতৰত থকা একাংশ লোক লুকাই আছে আৰু তেওঁলোকৰ ফোনসমূহ বন্ধ আছে। মই বৰ চিন্তিত হৈ আছো।‘’

আক্ৰমণৰ বাবে কোনেও দায়িত্ব স্বীকাৰ কৰা নাই যদিও চলিত মাহৰ প্ৰথম ভাগত এক ইছলামিক ষ্টেট সমৰ্থিত গোটে ৰাজধানী কাবুলত সংখ্যালঘু ছিয়া মুছলমানৰ এটা দলৰ ওপৰত আক্ৰমণ কৰি ৩২জন লোকক হত্যা কৰিছিল।