অভিনেতা হোৱাৰ সপোন আধাতে সামৰি ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত শুকুৰ আলীৰ

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ব্যাপকভাৱে চৰ্চা লাভ কৰা তথা ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলী নগাঁৱৰ চামগুৰিত ২১ জুনত উপস্থিত হয়হি।

কিন্তু ৰাজনৈতিক উদ্দেশ্যৰে নহয় আন এক উদ্দেশ্য লৈহে লাওঁখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছিল শুকুৰ আলী। এজন প্ৰতিস্থিত ৰাজনৈতিক নেতা হোৱাৰ বাবে প্ৰয়োজনীয় জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে এইবাৰ শুকুৰৰ মন অভিনেতা হোৱাৰ, এখন চিনেমা কৰাৰ।

ইতিমধ্যে চিনেমাৰ নামো ঠিক কৰিছে শুকুৰ আলীয়ে। চিনেমাখনৰ নাম হ’ব ‘জীৱন এলবাম, গৰীবৰ বন্ধু’, য’ত মুখ্য চৰিত্ৰত থাকিব শুকুৰ নিজে।

বৰ্তমান চিনেমাখনৰ দৃশ্য গ্ৰহণৰ সুন্দৰ লোকেচন বিচাৰি ফুৰিছে শুকুৰ আলীয়ে। এই লোকেচন চাবৰ বাবেই শুকুৰ আলী নগাঁৱৰ চামগুৰিত উপস্থিত হৈ কেইবাটাও নৈপৰীয়া অঞ্চল পৰিদৰ্শন কৰে।

কিন্তু চামগুৰিৰ নৈপৰীয়া বৃহত্তৰ লাওখোৱা, ভূৰবন্ধা, ভগামুখ অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বান-গৰাখহনীয়াত ভাৰাক্ৰান্ত হৈ ভোগ কৰি থকা দুৰৱস্থাৰ ছবিখন দেখি শুকুৰৰ মন একেবাৰে ভাঙি পৰিল। শুকুৰ আলীয়ে বোলছবিৰ দৃশ্য গ্ৰহণ কৰিব পৰা নাযাব বুলি ঘোষণা কৰে।

ইয়াৰ বিপৰীতে শুকুৰে চৰকাৰ, প্ৰশান তথা সংশ্লিষ্ট জলম্পদ বিভাগক চামগুৰিৰ নৈ পৰীয়া ৰাইজৰ দুখ-দুৰ্গতিৰ বিষয়ে প্ৰকৃতপক্ষে অনুধাৱন কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়। ইমানতেই অন্ত পৰিল চামগুৰিত শুকুৰৰ বোলছবিৰ বাবে লোকেচন বিচৰা কাৰ্য, আৰম্ভ হ’ল ৰাজনীতি।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈকে ধৰি বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত প্ৰকৃতপক্ষে নেতা নহয় বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰি বৃহত্তৰ অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজৰ প্ৰতি তেওঁলোকে সদায় আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সকলো নেতাই কেৱল নিৰ্বাচনৰ সময়ত বিধ্বস্ত অঞ্চলটোলৈ আহি ৰাইজৰ সন্মুখত অভিনয় কৰে বুলি কটাক্ষ কৰে শুকুৰ আলীয়ে।

চামগুৰিৰ নৈপৰীয়া ৰাইজৰ দুৰৱস্থা দেখি আগন্তুক ২০২১ চনত ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ নিৰ্বাচনত চামগুৰিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দ্বিতা আগবঢ়াব বুলি সদম্ভে ঘোষণা কৰিলে ধুবুৰীৰ শুকুৰ আলীয়ে।