NORTHEAST NOW (Assamese)

কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায়ৰ বাবে অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ পদক্ষেপ

October 6, 2019 5:57 pm · এন ই নাও নিউজ

বলিউদৰ মোহময়ী অভিনেত্ৰী হিচাপে পৰিচিত ছানী লিয়নী বৰ্তমান কৰ্কট ৰোগীক সহায়ৰ বাবে লৈছে এক নতুন প্ৰচেষ্টা। এই উদ্দেশ্যে অভিনেত্ৰী গৰাকীয়ে অলপতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পুঁজি সংগ্ৰহ কৰা অভিযানৰ লগত জড়িত হয়।

অভিনেত্ৰী গৰাকীয়ে কয় যে, ‘মই মোৰ দেউতাক কৰ্কট ৰোগৰ বাবে হেৰুৱাইছো আৰু মই মোৰ এই অনুভৱ কৰ্কট ৰোগত আক্ৰান্তসকলক এই ৰোগৰ প্ৰতি যুদ্ধ কৰাত প্ৰেৰণা দিয়াৰ বাবে ব্যৱহাৰ কৰিব বিচাৰো।’

অভিনেত্ৰী ছানী লিয়নীয়ে এক সাক্ষাৎকাৰত কয় যে, ‘মই মোৰ পিতৃক হেৰুৱালো কৰ্কট ৰোগৰ বাবে। আৰু যদি মই সজাগতা আৰু আৰ্থিকভাৱে এজন ব্যক্তিকো সহায় কৰিব পাৰে তেতিয়াহে আমৰ আগত থকা উপলব্ধিৰ এটা সৰু সাফল্য লাভ কৰিম।’

অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াত নিজে অংকন কৰা কেইখনমান পেইণ্টিং আপলোড কৰিছে। আৰু ছানীয়ে সেই পেইণ্টিংকেইখন নিলামৰ বাবে আগবঢ়াব।

নিলামৰ পিছত তাৰ পৰা উপাৰ্জন হোৱা টকা কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়াব। অভিনেত্ৰী ছানী লিয়নীয়ে ২০০৮ চনত মাতৃক হেৰুৱাৰ পিছতে ২০১০ চনত পিতৃক হেৰুৱাইছিল।

Related News