IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

ছান ৰাইজাৰ্ছ হায়দৰাবাদে ট্ৰেভিছ হেডৰ বিস্ফোৰক বেটিঙেৰে ৰানৰ পাহাৰ গঢ়িছিল। ঋষভ পন্থৰ দিল্লী কেপিটেলছে সেয়া অতিক্ৰম কৰিব নোৱাৰিলে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হায়দৰাবাদে ৬৭ ৰানত জয়লাভ কৰে। হায়দৰাবাদে প্ৰথম ছয় অভাৰত স্ক’ৰব’ৰ্ডত কোনো উইকেট নেহেৰুৱাকৈ ১২৫ ৰান সংগ্ৰহ কৰে। তাৰপিছতে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।

আনহাতে, ঘৰুৱা খেলপথাৰত প্ৰথমবাৰৰ বাবে খেলি দিল্লীয়ে অভিষেক শৰ্মা, শ্বাহবাজ আহমেদ আৰু ট্ৰেভিছ হেডৰ বেটিং পৰাক্ৰমৰ আগত মূক দৰ্শক হৈ পৰিল। জেক ফ্ৰেজাৰ, অভিষেক পোড়েল আৰু অধিনায়ক ঋষভ পন্থে প্ৰত্যুত্তৰত যুঁজ দিছিল। যদিও ১৯.১ অভাৰত ১৯৯ ৰানত আটাইকেইটা উইকেট হেৰুৱায়।

পন্থে টছত জয়ী হৈ প্ৰথমে হায়দৰাবাদক বেটিং কৰিবলৈ দি ডাঙৰ ভুল কৰিলে। ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই আৰম্ভণিৰে পৰা আক্ৰমণাত্মক খেলিবলৈ আৰম্ভ কৰে। মাত্ৰ ৬.২ অভাৰত ১৩১ ৰানত প্ৰথম উইকেট পৰে। প্ৰথম অভাৰত খলিল আহমেদে ১৯ ৰান দিয়ে। দ্বিতীয় অভাৰত স্পিনাৰক আনি পন্থে চমক দেখুৱাব খুজিছিল যদিও কাম নহ’ল।

ললিত যাদৱে প্ৰথম অভাৰত ২১ ৰান দিয়ে। পঞ্চম অভাৰত দলৰ অন্যতম শ্ৰেষ্ঠ অস্ত্ৰ কুলদীপ যাদৱক আনিও ৰানৰ গতি স্তব্ধ কৰিব নোৱাৰিলে। শনিবাৰে হেড- অভিষেকৰ সন্মুখত সকলো অংকই ভুল প্ৰমাণিত হৈছিল। ফলত কামিন্সৰ দলটোৱে ২০ অভাৰত ৭ উইকেটত ২৬৬ ৰান সংগ্ৰহ কৰে। তাত হেডৰ ৮৯ আৰু অভিষেকৰ অৱদান ৪৬। শ্বাহবাজ আহমেদে অপৰাজিত ৫৯ ৰান কৰে।

বেটিং কৰিবলৈ নামি নিয়মীয়া ব্যৱধানত উইকেট হেৰুওৱাৰ পিছতো দিল্লীৰ ইনিংছত ৰান উঠিছিল। পৃথ্বী শ্ব’ৱে ৫টা বলত ১৬ ৰান কৰি পেভিলিয়নলৈ উভতি যায়। ডেভিড ৱাৰ্নাৰে ভুৱনেশ্বৰ কুমাৰৰ বলত ১ ৰান সংগ্ৰহ কৰি উভতি যায়। কিন্তু জেক ফ্ৰেজাৰ (৬৫) আৰু অভিষেক পোড়েলে (৪২) উভতি ধৰে। পিছত ঋষভ পন্থে ইনিংছ আগবঢ়াই নিয়ে। দিনটোত দিল্লীৰ যুৱ অধিনায়কগৰাকীয়ে ৩৫টা বলত ৪৪ ৰানৰ এটা সন্তুলিত ইনিংছ খেলে।

আনহাতে, আৰু অলপৰ বাবে আই পি এলত ফ্ৰেজাৰে দ্ৰুততম অৰ্ধশতক অৰ্জনৰ পৰা বঞ্চিত হয়। তেওঁ ১৮টা বলত ৬৫ ৰান কৰে। তেওঁ ১৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাখনৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ হৈছে ১৩ বলত ৫০ ৰান। ইয়াৰ পিছতো অৱশ্যে হায়দৰাবাদৰ ৰানৰ (২৬৬) পাহাৰ অতিক্ৰম সম্ভৱ নহ’ল। ফলত ৬৭ ৰানত জয়লাভ কৰে হায়দৰাবাদে। ইয়াৰ ফলত পইণ্ট তালিকাত দ্বিতীয় স্থানলৈ উঠি আহিল দলটো।

সংক্ষিপ্ত স্কোৰঃ

 ছান ৰাইজাৰ্ছ হায়দৰাবাদঃ ২৬৬/৭ (ট্ৰেভিছ হেড ৮৯, অভিষেক শৰ্মা ৪৬, শ্বাহবাজ আহমেদ ৫৯ নট আউট)

দিল্লী কেপিটেলছঃ ১৯৯/৮ (জেক ফ্ৰেজাৰ ৬৫, অভিষেক পোড়েল ৪২, ঋষভ পন্থ ৪৪)

ছান ৰাইজাৰ্ছ হায়দৰাবাদে ৬৭ ৰানত জয়লাভ কৰে।