NORTHEAST NOW (Assamese)

কাইলৈ গুৱাহাটীত ‘ছ’নি টিভি’ৰ ৰিয়েলিটি শ্ব’ৰ অডিশ্যন : উপস্থিত থাকিব হিমেশ ৰেশমিয়া, আলকা য়াগনিক আৰু জাভেদ আলী

March 25, 2019 3:57 pm · এন ই নাও নিউজ
Updated: March 25, 2019 4:50 pm
চুপাৰষ্টাৰ চিংগাৰৰ বিচাৰকসকল

ছ’নি টেলিভিছনৰ নতুন ৰিয়েলিটি শ্ব’ ‘‘ছুপাৰষ্টাৰ চিংগাৰ- চিংগিঙ কা কল’’ ৰ অডিশ্যনৰ বাবে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব ভাৰতৰ জনপ্ৰিয় কন্ঠশিল্পী আৰু সংগীত পৰিচালক আলকা য়াগনিক, হিমেশ ৰেশমিয়া আৰু জাভেদ আলী।

টেলিভিছনৰ পৰ্দাত সৰ্বাধিক উপভোগ্য নৃত্যৰ অনুষ্ঠান ‘চুপাৰ ডেন্সাৰ’ ৰ সফল সামৰণিৰ পাছত ছ’নি এণ্টাৰটেইনমেণ্ট টেলিভিছনে সৰু ল’ৰা-ছোৱালী সকলৰ বাবে নতুনকৈ লৈ আহিছে সংগীতৰ অনুষ্ঠান ‘‘ছুপাৰষ্টাৰ চিংগাৰ চিংগিঙ কা কল’’।

উল্লেখযোগ্য যে, ১৫ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী সকলে সংগীতৰ নতুন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। বলিউদৰ সংগীত জগতৰ চিনাকী নাম হিমেশ ৰেশমিয়া, আলকা য়াগনিক আৰু জাভেদ আলীয়ে প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকিব।

১৬ মাৰ্চ মঙলবাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিশু কণ্ঠশিল্পী সকলৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰাতিপুৱা ৮ বাজৰ পৰা অডিশ্যন অনুষ্ঠিত হ’ব।

Related News