নাম্বাৰপাৰাত বিধায়কৰ সমৰ্থকে আক্ৰমণ কৰিলে সাংবাদিকক

a nambar

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীয়ে যোৱা কেইটা বছৰত ব্যাপক গৰাখহনীয়া চলি আছে। বিভিন্ন সময়ত এই গৰাখহনীয়া সম্পৰ্কে সংবাদ মাধ্যমৰ জড়িয়তে বা-বাতৰি প্ৰকাশ কৰি অহা হৈছে। কিন্তু চৰকাৰ, জিলা প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধি সকলে  এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

যাৰ বাবে আজি আমছুৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ এক গোট হৈ গৰাখহনীয়া ৰোধৰ বাবে দাবী জনাই বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

উন্নয়নমূলক কামৰ দাবীৰে  প্ৰতিবাদ কৰিবলৈ অহা লোকক ভেটা দিয়াৰ উদ্দেশ্যেৰে নাম্বাৰপাৰাৰ বৰহান আলী নামৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জনে আগুৱাই আহি সাংবাদিকৰ ল’গো কাঢ়ি নিয়াৰ চেষ্টা কৰে আৰু অভৱ্য আচৰণ কৰে ।

তেখেতৰ এনে আচৰণৰ প্ৰতি অসন্তুষ্ট হৈ ৰাইজে বিধায়ক আব্দুল হাই নাগৰী মুৰ্দাবাদ, আব্দুল হাই নাগৰি হায় হায়, আব্দুল হাই নাগৰিৰ দালালক জীয়াই জীয়াই কৱৰ দিয়ক, আব্দুল হাই নাগৰিৰ দালালৰ দালাল ৰাজ নচলিব আদি শ্লগান দিবলৈ আৰম্ভ কৰে।

সাংবাদিকৰ হাতত ধৰি টনা আঁজোৰা কৰাৰ বাবে ৰাইজ তথা আমছুৰ কৰ্মকৰ্তা সকলে লোক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৪৮ ঘন্টা সময় বান্ধি দিয়ে।

এই ৪৮ ঘন্টা সময়ৰ ভিতৰত যদি বিধায়ক, বিধায়কৰ আশীসপুষ্ট লোক সকল, চৰকাৰ বা জিলা প্ৰশাসনে কোনো ব্যৱ্স্থা নলয় তেন্তে গণতান্ত্ৰিক ভাৱে অনিৰ্দিষ্ট সময়লৈ পথ অৱৰোধ কাযসুচী লব বুলি জানিব দিয়ে।

গণতান্ত্ৰিক ভাৱে কৰিবলৈ লোৱা প্ৰতিবাদত বিধায়কৰ হৈ মাত্ৰ এজন ব্যক্তি আগুৱাই গৈ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে প্ৰতিবাদী সকলে পথ অৱৰোধৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লয়।

ইফালে একাংশৰ প্ৰশ্ন যে কাৰ সাহসত এইজন ব্যক্তিয়ে সাংবাদিকৰ ওপৰত আক্ৰমণাত্মক ভাৱে আগুৱাই আহিল আৰু ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি নিদ্ৰামগ্ন হৈ থকা বিধায়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিলে এইজন ব্যক্তিৰনো কি সমস্যা?

প্ৰতিবাদী ৰাইজে অসম চৰকাৰ হায় হায়, কেশৱ মহন্ত মুৰ্দাবাদ, সৰ্বানন্দ সোমোৱাল মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।