টীয়কত কৃষকমুক্তি তথা ৭০ সংগঠনৰ ঔৰসত গঠিত নতুন ৰাজনৈতিক দলক লৈ উল্লাস

শংখ খোল-তাল লৈ ৰাজপথত সমদল

ateok

গান্ধী জয়ন্তীৰ দিনাই অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০ সংগঠনৰ  নতুন ৰাজনৈতিক দল “ৰাইজৰ দল”ঘোষণা কৰাৰ লগে লগে টীয়কৰ ৰাজপথত দেখা গ’ল  আনন্দ উল্লাসৰ বন্যা ।

খোল তাল লৈ নতুন দলৰ সমৰ্থকসকলে “ৰাইজৰ দল” জিন্দাবাদ ধ্বনি দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন স্বৈৰাচাৰী চৰকাৰখনক গাদীৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যৰে এই ৰাইজৰ দল গঠন  হোৱা বুলি বুলি মন্তব্য কৰে।

লগতে অনাগত দিনত অসমৰ উন্নতিৰ হকে অসমীয়াৰ স্বাৰ্থত আপোচ বিহীনভাৱে প্ৰতিটো স্তৰতে  দলটোৱে ৰাজনৈতিকভাৱে সক্ৰিয় ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

ৰাজ্যৰ  এই  সংকটৰ মুহুৰ্তত নতুন ৰাজনৈতিক দলসমূহক একত্ৰিত হৈ ২০২১ ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰিবলৈ এক দল, এক প্ৰতীক আৰু এক পতাকাৰ তললৈ আহিবলৈ সকলোকে আহ্বান জনায় বীৰ লাচিত সেনাৰ যোৰহাটৰ সাংগঠনিক সম্পাদক সিদ্ধাৰ্থ বৰুৱাই।