বিদেশী ঘোষিত ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’লে কি কৰা হ’ব? : জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে

supreme-court_of_India-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’লে সংশ্লিষ্ট ব্যক্তিজনৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব? এই প্ৰশ্নৰ উত্তৰ বিচাৰি অসমৰ মুখ্য সচিবক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ খণ্ড বিচাৰপীঠে মুখ্য সচিবক এই নিৰ্দেশ দিয়াৰ লগতে অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া শুনানিত মুখ্য সচিব আৰু গৃহ সচিবক আদালতত হাজিৰ হ’বলৈকো নিৰ্দেশ দিছে।

উল্লেখ্য যে, এনআৰচিৰ খচৰাত নাম থকা ৰাজ্যৰ বহুতো লোকক ন্যায়াধীকৰণে বিদেশী বুলি প্ৰদান কৰা ৰায়দানক প্ৰত্যাহ্বান জনাই জমিয়ত উলেমা-ই-হিন্দে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

ইপিনে, মঙলবাৰে জমিয়তৰ হৈ আদালতত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি প্ৰদৰ্শন কৰে যে-ন্যায়াধীকৰণ কোনো ব্যক্তিক বিদেশী বুলি ৰায়দান কৰাৰ পাছত যদি সংশ্লিষ্ট ব্যক্তিজনৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হয়, তেতিয়াহ’লে এই সন্দৰ্ভত ব্যক্তিজনক ন্যায়ালয়ত পুনৰ আবেদনৰ অধিকাৰ প্ৰদান কৰিব লাগে।

অধিবক্তাৰ এই যুক্তি আৰু বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি খণ্ড বিচাৰপীঠখনে সমগ্ৰ বিষয়টোত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ অহা ২৮ মাৰ্চৰ পৰৱৰ্তী শুনানিৰ দিনাখন ৰাজ্যৰ মুখ্য সচিব আৰু গৃহ সচিবক উপস্থিত হ’বলৈ নিৰ্দেশ জাৰি কৰে।

আনহাতে, ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে এনআৰচি ন্যায়িক নিৰ্দেশনাৰ ঊৰ্ধ্বত নহয় বুলি ইতিমধ্যে সংশ্লিষ্ট পৰ্যায়ত স্থিতি স্পষ্ট কৰিলেও বিষয়টোৰ সন্দৰ্ভত ন্যায়ালয়ে  ৰাজ্য চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে জানিব বিচাৰিছে।

এজন ভাৰতীয় নাগৰিক যেনেকৈ বিদেশী হ’ব নোৱাৰে, তেনেকৈ এজন বিদেশীও ভাৰতীয় নাগৰিক হোৱাৰ অধিকাৰ নাই। কিন্তু ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা এজন ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ পাছত সৃষ্টি হোৱা সমস্যাটোৰ সমাধান চৰকাৰৰ হাতত আছেনে? উচ্চতম ন্যায়ালয়ে সেয়েহে চৰকাৰৰ পৰা পোনপোটীয়াকৈ জানিব বিচাৰিছে ইয়াৰ উত্তৰ।