সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো।

সংৰক্ষণৰ সৰ্বোচ্চ সীমা ৫০ শতাংশ ৰখাক লৈ পুনৰ্বিবেচনাৰ প্ৰয়োজনীয়তা আছেনে সেই সম্পৰ্কত এইবাৰ ৰাজ্যসমূহৰ পৰা মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে ১৯৯২চনত স্পষ্ট কৰি দিছিল যে সংৰক্ষণৰ সীমা যাতে ৫০ শতাংশ অতিক্ৰম কৰা নহয়।

অৱশ্যে, ইন্দিৰা সহায় গোচৰত ৯জনীয়া সদস্যৰ সাংবিধানিক বিচাৰপীঠে জনাইছিল যে একমাত্ৰ ব্যতিক্ৰমী ঘটনাৰ ক্ষেত্ৰতহে সংৰক্ষণৰ এই সীমা ৫০শতাংশ অতিক্ৰম কৰিব পাৰে।

সম্প্ৰতি মহাৰাষ্ট্ৰত মাৰাঠাসকলৰ সংৰক্ষণ সম্পৰ্কীয় গোচৰৰ ৰায় দিবলৈ গৈ উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যৰ মতামত জানিব বিচাৰিছে।

সোমবাৰে ৫জনীয়া সদস্যৰ বিচাৰপীঠে কয় যে সংৰক্ষণৰ সৰ্বোচ্চ সীমা ৫০শতাংশ থাকিব নে সেয়া আৰু বৃদ্ধি হ’ব সেয়া বিবেচনা কৰি চোৱা হৈছে। এই সন্দৰ্ভত আদালতে ৰাজ্যসমূহলৈ জাননী প্ৰেৰণ কৰিছে।

ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ এল এন ৰাও, ন্যায়াধীশ এছ এ নাজিৰ, ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ ৫জনীয়া বিচাৰপীঠত হৈছিল শুনানি।

এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব অহা ১৫ মাৰ্চত। জানিব পৰা মতে, ২৫ মাৰ্চৰ ভিতৰত শুনানি সমাপ্ত কৰা হ’ব।

উল্লেখ্য যে ২০১৮চনত মাৰাঠী সংৰক্ষণ আইন গৃহীত কৰা হয় য’ত মাৰাঠীসকলৰ বাবে ১৬ শতাংশ সংৰক্ষণৰ কথা কোৱা হৈছে। মাৰাঠীসকলৰ বাবে এই ১৬শতাংশ সংৰক্ষণ ব্যৱস্থা কৰিলে সংৰক্ষণৰ মুঠ ৫০ শতাংশৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰিব।

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্যসমূহৰ পৰা মতামত বিচৰাটো অতি তাৎপৰ্যপূৰ্ণ বুলি অনুমান কৰা হৈছে।