• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 5:35 pm
53
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ এজন নাগৰিকৰ ভাৰতত আশ্ৰয় প্ৰদানৰ বাবে কৰা আবেদন নাকচ কৰি স্পষ্ট কৰিছে যে ভাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৰণাৰ্থীৰ বাবে ধৰমশালা নহয়। ন্যায়াধীশ দিপাংকৰ দত্ত আৰু কে. বিনোদ চন্দ্ৰানৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি কয় ভাৰতৰ ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শৰণাৰ্থীক আতিথ্য দিব নেকি?

প্ৰকাশিত তথ্য অনুসৰি আবেদনকাৰী শ্ৰীলংকাৰ তামিল নাগৰিক। তেওঁ বিৰুদ্ধে ২০১৫ চনত লিবাৰেশ্যন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই)ৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৮ চনত ৰ আদালতে তেওঁক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। পিছত, ২০২২ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শাস্তি ৭ বছৰলৈ হ্ৰাস কৰে, কিন্তু শাস্তিৰ ম্যাদ শেষ হোৱাৰ পিছত তেওঁক শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা আৰু দেশৰ পৰা বিতাড়নৰ নিৰ্দেশ দিছিল।

আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াই কয় যে তেওঁ ভাৰতৰ ভিছালৈ আহিছিল আৰু শ্ৰীলংকাত তেওঁৰ জীৱনৰ নিৰাপত্তা নাই। তেওঁৰ পত্নী আৰু সন্তান ভাৰতত বসতি স্থাপন কৰিছে আৰু তেওঁ প্ৰায় তিনি বছৰ ধৰি ডিটেনচনত আছে। ইয়াৰ উত্তৰত ন্যায়াধীশ দত্তই কয়, “ভাৰত ১৪০ কোটি জনসংখ্যাৰ দেশ। ইয়াক ধৰমশালা বুলি ভাবি সকলো বিদেশী নাগৰিকক আশ্ৰয় দিয়া সম্ভৱ নহয়।” আবেদনকাৰীৰ অধিবক্তাই সংবিধানৰ ২১ নং অনুচ্ছেদ (জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা) আৰু ১৯ নং অনুচ্ছেদৰ (মত প্ৰকাশ আৰু চলাচলৰ স্বাধীনতা) অধিকাৰৰ কথা উল্লেখ কৰে যদিও আদালতে স্পষ্ট কৰিদিয়ে যে আইন অনুসৰি আটক কৰাৰ বাবে ২১ নং অনুচ্ছেদ উলংঘা হোৱা নাই আৰু ১৯ নং অনুচ্ছেদ কেৱল ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য।

আদালতে আবেদনকাৰীৰ শৰণাৰ্থীৰ দাবীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “ইয়াত থিতাপি ল’বলৈ কি অধিকাৰ আছে?” তেওঁৰ জীৱন শ্ৰীলংকাত বিপদত থকাৰ দাবীৰ প্ৰতি আদালতে পৰামৰ্শ দিয়ে যে তেওঁ আন কোনো দেশলৈ যাব পাৰে বুলি মন্তব্য কৰে।

Recent News

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd