ৰাহুল গান্ধীয়ে তেওঁৰ শনিবাৰে সামাজিক মাধ্যমত লিখিছিল যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মৌনতা গৰিহণাযোগ্য।
তেওঁ লিখিছে, “গতিকে মই আকৌ সুধিম: পাকিস্তানে আক্ৰমণৰ বিষয়ে আগতীয়াকৈ জানিছিল বাবে আমি কিমান ভাৰতীয় বিমান হেৰুৱালোঁ? দেশবাসীৰ সত্য জনাৰ অধিকাৰ আছে।”
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে বৈদেশিক মন্ত্ৰীগৰাকীৰ এক ভিডিঅ’ সন্দৰ্ভত পোষ্ট কৰিছিল, “আমি আক্ৰমণ চলোৱাৰ পূৰ্বে পাকিস্তানক তথ্য দিয়াটো অপৰাধ আছিল। বৈদেশিক মন্ত্ৰীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে ভাৰত চৰকাৰে এই কাম কৰিছিল।”
ৰাহুল গান্ধীয়ে চৰকাৰক দুটা প্ৰশ্ন কৰিছিল। তেওঁ সুধিছিল, “প্ৰথমে, কোনে এনেকুৱা হ‘বলৈ দিলে? দ্বিতীয়তে, ইয়াৰ বাবে আমাৰ বায়ুসেনাই কিমান বিমান হেৰুৱালে?”
এই সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয়, “বিদেশ মন্ত্ৰী জয়শংকৰে এনেধৰণৰ বক্তব্য দি আছে যে পাকিস্তান আৰু সমগ্ৰ বিশ্বতে আমাক উপহাস কৰা হৈছে। সেইবাবেই ৰাহুল গান্ধীয়ে বাৰে বাৰে কৈছে যে আপুনি উত্তৰ দিব লাগে। পাকিস্তানক আগতে সকীয়াই দি দেশখনে কি কি ক্ষতিৰ সন্মুখীন হ‘ল এই কথা জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। দেশৰ কিমান বিমান নষ্ট হ’ল আৰু কিমান সন্ত্ৰাসবাদীয়ে পলায়ন কৰিলে?”উল্লেখ্য যে ৰাহুল গান্ধীয়ে যিটো ভিডিঅ’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে, সেই ভিডিঅ’টোত পিআইবিয়ে কৈছিল যে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰৰ বক্তব্য ভুল প্ৰেক্ষাপটত দাখিল কৰা হৈছে।





