NORTHEAST NOW (Assamese)

ৰজহুৱা কৰা নহয় বিচাৰপতিৰ ঘৰত নগদ ধন উদ্ধাৰৰ তদন্তৰ প্ৰতিবেদনঃ RTI আবেদন প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ

May 26, 2025 6:44 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰাক্তন দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি যশৱন্ত বৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগ সন্দৰ্ভত গঠিত তিনিজনীয়া ন্যায়াধীশৰ তদন্ত সমিতিৰ প্রতিবেদন এখন তথ্যৰ অধিকাৰ আইনৰ (RTI) অধীনত উন্মোচন কৰিব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে স্পষ্টভাবে উল্লেখ কৰিছে।

মহাৰাষ্ট্ৰৰ এগৰাকী অধিবক্তা আমৃতপাল সিং খালছাই দাখিল কৰা এই আবেদনক উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় ৰাজহুৱা তথ্য বিষয়া (CPIO)য়ে প্ৰত্যাখ্যান কৰি কয় যে, ‘Supreme Court of India Vs. Subhash Chandra Agarwal’ (২০২০) গোচৰৰ ৰায়ৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিব নোৱাৰি। RTI আইনৰ ধাৰা ৮(১)(e) অনুসৰি, বিশ্বাসযোগ্য সম্পৰ্কত থকা তথ্য প্ৰকাশৰ পৰা ৰেহাই দিয়া হৈছে, যদিহে ইয়াৰ ৰাজহুৱা স্বাৰ্থত প্ৰকাশৰ প্ৰয়োজন নহয়। ইয়াৰ উপৰিও ধাৰা ১১(১)ৰ অধীনত তৃতীয় পক্ষৰ তথ্য প্ৰকাশৰ পৰা ৰেহাই দিয়া হৈছে। ন্যায়ালয়ৰ প্ৰশাসনে গোপনীয়তা আৰু সংসদীয় বিশেষাধিকাৰ লংঘনৰ কাৰণ উল্লেখ কৰি এই আবেদন নাকচ কৰিছে।

উল্লেখ্য যে ১৪ মাৰ্চ, ২০২৫ তাৰিখে দিল্লীৰবিচাৰপতি বৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড নিৰ্বাপনৰ সময়ত তাৰ এটা ভঁৰাল ঘৰত জ্বলি যোৱা নোটৰ বাণ্ডিল উদ্ধাৰ কৰা হৈছিল। ঘটনাটোৰ তদন্তৰ বাবে গঠন কৰা হৈছিল ন্যায়াধীশৰ নেতৃত্বত এখন বিশেষ তদন্ত সমিতি, যিয়ে ৩ মে’ত উচ্চতম ন্যায়ালয়ত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে।উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত বিচাৰপতি বৰ্মাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰআবেদনো প্ৰত্যাখ্যান কৰিছিল। ন্যায়ালয়ৰ মতে, এই প্ৰতিবেদনৰ তথ্য প্ৰকাশে ন্যায়পালিকাৰ স্বাধীনতা, গোপনীয়তাৰ অধিকাৰ আৰু বিশ্বাসযোগ্য সম্পৰ্কৰ লংঘনৰ আশংকা সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত এই বিষয়ত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব কাৰ্যপালিকা আৰু সংসদৰ ওপৰত ন্যস্ত কৰা হৈছে।

Related News