ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই ৰাম-সীতাৰ নাম ব্যৱহাৰ কৰি ফেচবুক মাধ্যমত এটা প্ৰতিবাদী কবিতা লিখিছিল অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ কবি নীলাভ সৌৰভ ওৰফে ৰেকিব উদ্দিন আহমেদে। উক্ত কবিতাটো লিখাৰ বাবে যুৱ কবিগৰাকী সামাজিক মাধ্যমত বিভিন্ন হিন্দু সংগঠনৰ নেতা-কৰ্মীৰ আক্ৰমণ আৰু ভাবুকিৰ বলি হৈছিল। আনকি বিভিন্ন হিন্দুত্ববাদী যুৱকে কবিগৰাকীৰ ৰহাৰ চাপৰমুখস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক ভাবুকি প্ৰদান কৰে।
লগতে কবিগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল কেইবাখনো এজাহাৰ। আৰক্ষী থানাৰ গোচৰ নং ০৯/২০২৪ অনুসৰি ভাৰতীয় দণ্ডবিধি আনৰ ধাৰা ১৫৩(ক), ২৯৫, ২৯৫(ক) ৪১৬ আৰু ৪২০ ৰ অধীনত ৰুজু হৈছিল জামিনবিহীন গোচৰ।
এই গোচৰ পিছত কবিগৰাকীয়ে সামাজিক মাধ্যমত ৰাজহুৱাভাবে ক্ষমা বিচাৰি কবিতাটো আঁতৰাই দিছিল যদিও আৰক্ষীয়ে বাৰে বাৰে কবিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি থকাৰ বাবে কবিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই জামিন আবেদন নাকচ কৰাৰ পিছত কবিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু এছ ভি এন ভট্টীয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন ঘোষণা কৰে।
উচ্চতম ন্যায়ালয়ে তেওঁক তদন্তত সহযোগিতা আগবঢ়োৱাৰ চৰ্তত গ্ৰেপ্তাৰ কৰা নহ’ব বুলি নিৰ্দেশ দি অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে।
শুনানিৰ প্ৰাৰম্ভিক পৰ্যায়ত ন্যায়াধীশ ভট্টিয়ে আন এখন বিচাৰপীঠৰ বিচাৰাধীন হৈ থকা ঘৃণামূলক ভাষণৰ গোচৰসমূহ আঙুলিয়াই দিয়ে। গোচৰটোৰ তথ্যৰ ওপৰত গুৰুত্ব দি ন্যায়াধীশগৰাকীয়ে কয়, “ইয়াত সমস্যাটো হ’ল, এজন ব্যক্তিয়ে কবিতাটো পঢ়ি কেনেকৈ বুজিব সেই পঢ়ুৱৈৰ স্থানত নিজকে ৰাখি চাব লাগিব। লগতে বুজিব লাগিব ই সামাজিকভাবে কি দিশ লক্ষ্য কৰি লয়। আমি আদালতত পঢ়িব নিবিচাৰোঁ কিন্তু দুই পৃষ্ঠাজোৰা এই কবিতাটোত তিনিধৰণৰ বক্ৰ অৰ্থ আছে। উচ্চ পৰ্যায়ৰ পাঠকে তিনিধৰণেই চাব কিন্তু অজ্ঞ ব্যক্তিয়ে কেৱল ভুল দিশে ইংগিত কৰা প্ৰতিটো শব্দ লক্ষ্য কৰিব।”
ইয়াৰ উত্তৰত অভিযুক্তৰ অধিবক্তা অধিবক্তা শৰুখ আলমে এইটো কোনো ঘৃণামূলক ভাষণৰ গোচৰ নহয় বুলি আহ্বান জনায়। আদালতে অৱশ্যে মন্তব্য কৰে যে অধিবক্তাই দিয়া যুক্তি সমূহ অভিযুক্তৰ পক্ষত আছে, কিন্তু যদি কবিতাটোক স্বতন্ত্ৰ ভিত্তিত চোৱা হয় তেন্তে আদালত বিচাৰশীল হ’ব লাগিব।
এইখিনিতে অভিযুক্তৰ অধিবক্তাই কবিতাটোৰ ওপৰত হোৱা নেতিবাচক প্ৰতিক্ৰিয়াৰ ভিত্তিত তেওঁ ইতিমধ্যে ক্ষমা খোজাৰ কথা আদালতত উত্থাপন কৰে। ইয়াৰ পিছতে আদালতে নীলাভ সৌৰভ ওৰফে ৰেকিব উদ্দিন আহমেদক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে।