• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম-সীতাক লৈ কবিতা লিখি হিন্দুত্ববাদী আৰু আৰক্ষীৰ ৰোষত পৰা নীলাভ সৌৰভক সকাহ উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 16, 2024 4:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই ৰাম-সীতাৰ নাম ব্যৱহাৰ কৰি ফেচবুক মাধ্যমত এটা প্ৰতিবাদী কবিতা লিখিছিল অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ কবি নীলাভ সৌৰভ ওৰফে ৰেকিব উদ্দিন আহমেদে। উক্ত কবিতাটো লিখাৰ বাবে যুৱ কবিগৰাকী সামাজিক মাধ্যমত বিভিন্ন হিন্দু সংগঠনৰ নেতা-কৰ্মীৰ আক্ৰমণ আৰু ভাবুকিৰ বলি হৈছিল। আনকি বিভিন্ন হিন্দুত্ববাদী যুৱকে কবিগৰাকীৰ ৰহাৰ চাপৰমুখস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক ভাবুকি প্ৰদান কৰে। 

লগতে কবিগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল কেইবাখনো এজাহাৰ। আৰক্ষী থানাৰ গোচৰ নং ০৯/২০২৪ অনুসৰি ভাৰতীয় দণ্ডবিধি আনৰ ধাৰা ১৫৩(ক), ২৯৫, ২৯৫(ক) ৪১৬ আৰু ৪২০ ৰ অধীনত ৰুজু হৈছিল জামিনবিহীন গোচৰ। 

Apply Now

এই  গোচৰ পিছত কবিগৰাকীয়ে সামাজিক মাধ্যমত ৰাজহুৱাভাবে ক্ষমা বিচাৰি কবিতাটো আঁতৰাই দিছিল যদিও আৰক্ষীয়ে বাৰে বাৰে কবিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি থকাৰ বাবে কবিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই জামিন আবেদন নাকচ কৰাৰ পিছত কবিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু এছ ভি এন ভট্টীয়ে  এই আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন ঘোষণা কৰে।

উচ্চতম ন্যায়ালয়ে তেওঁক তদন্তত সহযোগিতা আগবঢ়োৱাৰ চৰ্তত গ্ৰেপ্তাৰ কৰা নহ’ব বুলি নিৰ্দেশ দি অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে। 

শুনানিৰ প্ৰাৰম্ভিক পৰ্যায়ত ন্যায়াধীশ ভট্টিয়ে আন এখন বিচাৰপীঠৰ বিচাৰাধীন হৈ থকা ঘৃণামূলক ভাষণৰ গোচৰসমূহ আঙুলিয়াই দিয়ে। গোচৰটোৰ তথ্যৰ ওপৰত গুৰুত্ব দি ন্যায়াধীশগৰাকীয়ে কয়,  “ইয়াত সমস্যাটো হ’ল, এজন ব্যক্তিয়ে কবিতাটো পঢ়ি কেনেকৈ বুজিব সেই পঢ়ুৱৈৰ স্থানত নিজকে ৰাখি চাব লাগিব। লগতে বুজিব লাগিব ই সামাজিকভাবে কি দিশ লক্ষ্য কৰি লয়। আমি আদালতত পঢ়িব নিবিচাৰোঁ কিন্তু দুই পৃষ্ঠাজোৰা এই কবিতাটোত তিনিধৰণৰ বক্ৰ অৰ্থ আছে। উচ্চ পৰ্যায়ৰ পাঠকে তিনিধৰণেই চাব কিন্তু অজ্ঞ ব্যক্তিয়ে কেৱল ভুল দিশে ইংগিত কৰা প্ৰতিটো শব্দ লক্ষ্য কৰিব।”

ইয়াৰ উত্তৰত অভিযুক্তৰ অধিবক্তা অধিবক্তা শৰুখ আলমে এইটো কোনো ঘৃণামূলক ভাষণৰ গোচৰ নহয় বুলি আহ্বান জনায়। আদালতে অৱশ্যে মন্তব্য কৰে যে অধিবক্তাই দিয়া যুক্তি সমূহ অভিযুক্তৰ পক্ষত আছে, কিন্তু যদি কবিতাটোক স্বতন্ত্ৰ ভিত্তিত চোৱা হয় তেন্তে আদালত বিচাৰশীল হ’ব লাগিব। 

এইখিনিতে অভিযুক্তৰ অধিবক্তাই কবিতাটোৰ ওপৰত হোৱা নেতিবাচক প্ৰতিক্ৰিয়াৰ ভিত্তিত তেওঁ ইতিমধ্যে ক্ষমা খোজাৰ কথা আদালতত উত্থাপন কৰে। ইয়াৰ পিছতে আদালতে নীলাভ সৌৰভ ওৰফে ৰেকিব উদ্দিন আহমেদক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd