বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

কলেজিয়ামক লৈ চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত বিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ। বিশ্বজুৰি চাঞ্চল্য আৰু দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা বিবিচিৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেচন’ শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে এইবাৰ শলঠেকত পৰিছে মোদী চৰকাৰ।

উচ্চতম ন্যায়ালয়ে মোদী চৰকাৰে বিবিচিৰ তথ্যচিত্ৰখন ভাৰতত কিয় নিষিদ্ধ কৰা হৈছে আৰু সেই সম্পৰ্কীয় টুইটবোৰ আঁতৰাই দিয়াৰ সন্দৰ্ভত প্ৰশ্ন কৰাই নহয় ইয়াৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে মোদী চৰকাৰক নিৰ্দেশ দি কয় যে চৰকাৰে এই সম্পৰ্কীয় চৰকাৰীৰ সিদ্ধান্ত ন্যায়ালয়ত দাখিল কৰিব লাগিব।

উল্লেখ্য যে গুজৰাট সংঘৰ্ষৰ ওপৰত নিৰ্মাণ বিবিচি তথ্যচিত্ৰখনৰ মোদী চৰকাৰে ভাৰতত নিষিদ্ধ কৰাৰ পিছতে চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দুখনৈ আবেদন দাখিল কৰা হৈছিল। এই আবেদনকেইখনৰ প্ৰথমখন দাখিল কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, সাংবাদিক এন ৰাম আৰু প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণে আৰু আনখন অধিবক্তা এন এঞ শৰ্মাই।       

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এম সুন্দ্ৰেশৰ বিচাৰপীঠে এই দুই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক তিনি সপ্তাহৰ ভিতৰত প্ৰত্যুত্তৰ দিয়াৰ লগতে চৰকাৰী সিদ্ধান্তৰ খচৰা ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা এপ্ৰিলত মাহত অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে।

বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰি কয়, “আমি জাননী জাৰি কৰিছো।চৰকাৰে তিনি সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব নথি-পত্ৰসহ শপতনামা। তথ্যচিত্ৰখনক লৈ আপত্তি কৰাৰ কাৰণ অহা দুসপ্তাহৰ ভিতৰত দিব লাগিব।”

একে সময়তে ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ সুন্দৰেশৰ এখন বিভাগীয় বিচাৰপীঠে বিভিন্ন বিশ্ববিদ্যালয়ত তথ্যচিত্ৰ প্ৰদৰ্শনৰ বাবে ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়াৰ বিষয়টোলৈ আদালতক টানি নিবলৈ অস্বীকাৰ কৰে।

দুই খণ্ডৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেচন’ত দুটা দশক পূৰ্বে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত গোধৰা কাণ্ড আৰু ইয়াৰ পিছত হোৱা সাম্প্ৰদায়িক হিংসাৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে। তথ্য চিত্ৰখনত দাবী কৰা হৈছে যে ২০০২ বৰ্ষৰ গুজৰাটৰ গোধ্ৰা কাণ্ডৰ বাবে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী।

ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰা এই তথ্যচিত্ৰখনক লৈ আপত্তি কৰি আহিছিল। ঔপনিৱেশিক প্ৰ’পাগণ্ডা বুলি অভিহিত কৰি তথ্যচিত্ৰখন ভাৰতত নিষিদ্ধ কৰে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে বিবিচিয়ে দাবী কৰিছে যে এই তথ্যচিত্ৰখন যথেষ্ট গৱেষণা কৰি নিৰ্মাণ কৰা হৈছে। বিৰোধী নেতাসকলে মোডী চৰকাৰৰ এই পদক্ষেপক ‘চেন্সৰশ্বিপ বুলি অভিহিত কৰে। কেন্দ্ৰই এই তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজে এই প্ৰদৰ্শনৰ ব্যৱস্থাও কৰিছিল।