আজি পুৱা ১০.৩০ বজাৰ লগতে লগে কলিকতাৰ আৰজি কৰ কাণ্ডৰ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত আৰম্ভ হয়। এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কঠোৰভাবে আৰক্ষী-প্ৰশাসনক ভৎসৰ্না কৰে। এনেধৰণৰ ঘটনা ৰোধৰ বাবে এখন পৰামৰ্শ সমিতিও উচ্চতম ন্যায়ালয়ে গঠন কৰে।
ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চত কোনে কোন আছে সেই সম্পৰ্কে আদালতত অৱগত কৰে কেন্দ্ৰীয় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে দেশৰ চিকিৎসকৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে।
মঙলবাৰে পুৱা এই গোচৰৰ শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে কয় যে এয়া কোনো এখন চিকিৎসালয়ত হোৱা ধৰ্ষণৰ নিৰ্দিষ্ট গোচৰ নহয়। ই সমগ্ৰ দেশতে চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সৈতে জড়িত ব্যৱস্থাটো জড়িত হৈ পৰিছে।
আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে চিকিৎসালয়ৰ সুৰক্ষা সন্দৰ্ভত কেইবাটাও নিৰ্দেশ জাৰি কৰিছে। সেই কেইটা তলত উল্লেখ কৰা হ’ল –
১. সকলো ৰাজ্য চৰকাৰে প্ৰতিখন চিকিৎসালয়ৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব।
২. মহিলা আৰু পুৰুষ চিকিৎসকৰ সুকীয়া শৌচাগাৰ থাকিব লাগিব।
৩. নাৰ্চক সুকীয়াকৈ কোঠা দিব লাগিব।
৪. প্ৰতিখন চিকিৎসালয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীক সুৰক্ষা প্ৰদান কৰিব লাগিব।
৫. প্ৰতিখন চিকিৎসালয়ৰ কৰিড’ৰত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব।
৬. চিকিৎসালয়ত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব।
৭. চিকিৎসালয়ৰ সুৰক্ষাৰ লগত আপোচ কৰা নহ’ব।
৮. সকলো চিকিৎসালয়তে নিৰ্দিষ্ট অভিযোগ বাকচ থাকিব লাগিব, যিবোৰ সকলো সময়তে কাৰ্যক্ষম থাকিব।
৯. চি আই এছ এফে আৰজি কৰ হাস্পাতালত সুৰক্ষা প্ৰদান কৰিব লাগিব।
উল্লেখ্য যে অহা বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক সেইদিনা ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কয়।
ন্যায়ালয়ে কয়, আমি বিচাৰো যে চিবিআইয়ে আমাক তদন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰক। আমি এটা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিছো। আমি বিচাৰো এই টাস্ক ফ’ৰ্চে পৰামৰ্শ দিয়ক। এই কমিটীয়ে দেশৰ জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসকসকলৰ বাবে সমগ্ৰ দেশতে সামগ্ৰিক সুৰক্ষা নিয়ম কাৰ্যকৰী কৰাৰ পৰামৰ্শ আগবঢ়াব।