• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইডিৰ সঞ্চালক সঞ্জয় মিশ্ৰৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 9:43 pm
9.1k
VIEWS
Share on FacebookShare on Twitter

সঞ্জয় কুমাৰ মিশ্ৰৰ ইডিৰ সঞ্চালক হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক মঙলবাৰে অবৈধ বুলি আখ্যা প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে । এই গোচৰত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে ২০২১ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

উচ্চতম ন্যায়ালয়ে মিশ্ৰক কাৰ্যভাৰ ত্যাগ কৰিবলৈও ৩১ জুলাইলৈকে সময় দিয়ে।

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰক প্ৰথমবাৰৰ বাবে ২০১৮ চনত বলবৎকাৰী সঞ্চালকালয়(ইডি)ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। সেইবাৰ কেন্দ্ৰই তেওঁক দুবছৰৰ বাবে সেই দায়িত্ব দিছিল। ইয়াৰ পিছত ২০২০ চনত চেণ্ট্ৰেল ভিজিলেন্স কমিচন এক্ট অৰ্থাৎ CVC Actৰ অধীনত আৰু এবছৰৰ বাবে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হয়। এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ২০১৮ চনৰ পুৰণি নিযুক্তি গাইডলাইন তিনিবছৰলৈ সংশোধন কৰা হয়।

নৰেন্দ্ৰ মোডী চৰকাৰে সঞ্জয় মিশ্ৰৰ ইডি সঞ্চালকৰ কাৰ্যকাল একেৰাহে তিনিটা কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হয়।

আবেদনকাৰীৰ ভিতৰত আছিল কংগ্ৰেছ নেতা জয়া ঠাকুৰ, ৰনদীপ সিং সুৰজেৱালা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰী, আৰু দলৰ মুখপাত্ৰ সাকেত গোখলে।

উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি আছিল যে আৰ্থিক দুৰ্নীতিৰ বহু গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ লগত ইডি জড়িত। ফলত সেই সকলোবোৰ তদন্তৰ স্বাৰ্থত সঞ্জয়ৰ পৰিচালক হিচাপে কাৰ্যকাল বৃদ্ধি কৰা হৈছে। 

প্ৰত্যাহ্বান জনোৱা সংশোধনীৰ অধীনত মিশ্ৰৰ কাৰ্যকাল ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ বৃদ্ধি পাইছিল। পুনৰ কেন্দ্ৰই অধিসূচনাৰ জৰিয়তে ২০২২ চনৰ নৱেম্বৰ মাহত ২০২৩ চনৰ নৱেম্বৰলৈকে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰিছিল।

কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ মাহত গোচৰসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে তদন্তৰ স্বাৰ্থত অৱসৰৰ পিছতো সঞ্জয়ৰ কাৰ্যকাল এবাৰ বৃদ্ধি হ’ব পাৰে। কিন্তু তাৰ পিছত সময়সীমা বৃদ্ধি কৰিব নোৱাৰে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd