ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলা কৰ্মচাৰীক ঘূৰাই দিয়া হ’ল চাকৰি

456448-297024-ranjan-gogoi

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলা কৰ্মচাৰী গৰাকীক উচ্চতম ন্যায়ালয়ে পুনৰ আগৰ পদত নিয়োগ কৰিছে।

The Indian Expressত প্ৰকাশিত বাতৰি মতে মহিলা কৰ্মচাৰী গৰাকীয়ে ইতিমধ্যে কৰ্তব্যত যোগদান কৰিছে আৰু বৰ্তমান তেওঁ চুটিত আছে। তেওঁৰ সকলো বিলাক বকেয়া ধন মুকলি কৰি দিয়া হৈছে বুলিও বাতৰিটোত প্ৰকাশ।

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ অধীনত জুনিয়’ৰ ক’ৰ্ট এছিষ্টেণ্ট হিচাপে ২০১৮ চনৰ অক্টোবৰ মাহলৈকে কাম কৰিছিল। অৱশ্যে পিছত মহিলাগৰাকীক “পেচাৰ সৈতে খাপ নোখোৱা আচৰণ” আৰু অন্যান্য কিছুমান “অসদাচাৰ”ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

বৰ্থাস্ত হোৱা মহিলা কৰ্মচাৰী গৰাকীয়ে গগৈৰ বিৰুদ্ধে অনা যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে তিনিজন ন্যায়াধীশক লৈ এখন তদন্ত কমিটি গঠন কৰিছিল।

ন্যায়াধীশ এছ এ ববদেৰ (বৰ্তমান মুখ্য ন্যায়াধীশ) নেতৃত্বত গঠন কৰি দিয়া উক্ত তিনিজনীয়া আভ্যন্তৰীণ কমিটিয়ে ২০১৯ চনৰ ৬ মে’ত ৰঞ্জন গগৈৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰে।

আভ্যন্তৰীণ তদন্ত কমিটিখনে তেতিয়াৰ মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে কোনো উপযুক্ত প্ৰমাণ লাভ নকৰাৰ বাবে বিষয়টো সম্পৰ্কত তেওঁক ক্লীনশ্বিট দিছিল।