• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্যঃ বিজেপিৰ বিধায়কক গ্ৰেপ্তাৰ কিন্তু আজিও মুকলি আকাশৰ তলতে নুপুৰ শৰ্মা !

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 26, 2022 5:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুয়োগৰাকী বিজেপি নেতা-নেত্ৰীৰেই দোষ একেটাই- হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰা। কিন্তু ইমানৰ পিছতো গ্ৰেপ্তাৰ নোহোৱাকৈ সাৰি গৈছে নুপুৰ শৰ্মা। অথচ গ্ৰেপ্তাৰ হৈছে তেলেংগানাৰ বিজেপি বিধায়ক ৰাজা সিং। নুপুৰ শৰ্মাক বিজেপিয়েই ৰক্ষণা-বেক্ষণ দি থকা বুলি বিভিন্ন মহলত আলোচনা হৈ আছে। নুপুৰ শৰ্মাৰ মন্তব্যৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তত হিংসাৰ জুই জ্বলিছিল, নিহত হৈছিল একাধিক লোক।

আনকি ভাৰতক তেলৰ যোগান ধৰা মধ্য প্ৰাচ্যৰ দেশসমূহেও নুপুৰ শৰ্মাৰ মন্তব্যৰ বাবে ভাৰতৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছিল। ইমানৰ পিছতো অৱশ্যে আজিও মুকলি আকাশৰ তলতে আছে নুপুৰ শৰ্মা।

এখন নহয়, দুখন নহয় দেশৰ কেইবাখনো ৰাজ্যত হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিজেপিৰ বহিষ্কৃত নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।সেই গোচৰসমূহ একত্ৰিত কৰি দিল্লীলৈ অনাৰ বাবে নুপুৰ শৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি বিৰুদ্ধে দেশৰ বিভিন্ন থানাত নুপুৰ শৰ্মাৰ বিৰুদ্ধে থকা সকলো গোচৰ একেলগ কৰি দিল্লীলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। পশ্চিম বংগ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু অসম আৰক্ষীয়ে বহিষ্কৃত বিজেপি নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

নুপুৰে সকলো গোচৰতে তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। নুপুৰে সকলো গোচৰ একেলগে সংযুক্ত কৰিবলৈও আবেদনত উল্লেখ কৰিছিল। বহিষ্কৃত বিজেপি নেতাগৰাকীয়ে কৈছিল যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ।

সেয়েহে তেওঁ বিভিন্ন ৰাজ্যলৈ গৈ আইনীভাৱে যুঁজ দিয়াটো সম্ভৱ নহয়। নুপুৰ শৰ্মাই দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কয় যে যিবোৰ ৰাজ্যত গোচৰ ৰুজু কৰা হৈছে সেইবোৰ গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে যে বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষীয়ে আৰু নুপুৰৰ গোচৰৰ তদন্ত কৰিব নোৱাৰিব। তেওঁ আনকি দিল্লীৰ বাহিৰৰ আন ৰাজ্যতো গোচৰৰ বাবে উপস্থিত হ’ব নালাগিব।

হজৰত মহম্মদ বিৰুদ্ধে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে নুপুৰক দলৰ পৰা নিলম্বিত কৰা হৈছিল। অৱশ্যে নুপুৰৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত বিক্ষোভ তথা হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক কৈছিল যে “দেশত যি ঘটি আছে তাৰ বাবে তেওঁৱেই একমাত্ৰ দায়ী”। তদুপৰি উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য কৰিছিল।

নুপুৰ শৰ্মাই কাণ্ডই দেশ তথা বিদেশ জ্বলাই থকাৰ সময়তে ২ আগষ্টৰ নিশা সামাজিক মাধ্যমত এটা ভিডিঅ’ আপলোড কৰা পয়গম্বৰ হজৰত মহম্মদ বিৰোধী এটা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হৈছিল বিজেপিৰ এজন বিধায়ক। তেলেংগানাৰ বিজেপি বিধায়ক ৰাজা সিঙে হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
হায়দৰাবাদ আৰক্ষীয়ে বিজেপিৰ বিধায়ক ৰাজা সিঙৰ বিৰুদ্ধে ভাৰতীয় সংবিধানৰ দণ্ডবিধি ধাৰা ২৯৫, ৫০৫ আৰু ১৫৩এ ধাৰা আৰোপ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd