• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court: শিক্ষানুষ্ঠানসমূহত মুছলমান ছাত্ৰীৰ হিজাব পিন্ধাৰ অধিকাৰ; উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2022 8:21 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰ সম্পৰ্কীয় এটা গোচৰত নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ ১০ দিনৰ শুনানিৰ পিছত এই সিদ্ধান্ত ঘোষণা কৰে।

হিজাব পিন্ধাৰ অধিকাৰ বিচৰা ছাত্ৰীসকলৰ পিছত পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া (পিএফআই) সংগঠনৰ ভূমিকা থকা বুলি কৰ্ণাটক চৰকাৰৰ অভিযোগ সন্দৰ্ভতো বুধবাৰে শীৰ্ষ ন্যায়ালয়ত দুই ন্যায়াধীশৰ বিচাৰপীঠে কোনো পৰ্যৱেক্ষণ কৰা নাছিল।

শীৰ্ষ আদালতত ১০ দিনীয়া শুনানিৰ সময়ত কৰ্ণাটক চৰকাৰক ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ আৰু ৰাজ্যখনৰ এডভোকেট জেনেৰেল প্ৰভুলিং কে নৱদগীয়ে প্ৰতিনিধিত্ব কৰে।

লগতে পঢ়ক: NASA Alert! ৭০ বছৰৰ পিছত পুনৰ পৃথিৱীৰ কাষ চাপিব বৃহস্পতি গ্ৰহ; বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

আনহাতে, চলমান খুৰ্ছিদ আৰু দুষ্মন্ত ডাভে আবেদনকাৰী মুছলমান শিক্ষাৰ্থীসকলৰ হৈ শুনানিত অংশগ্ৰহণ কৰে।

জানুৱাৰী মাহত, হিজাব পৰিহিত শিক্ষাৰ্থীৰ এটা গোটক কৰ্ণাটকৰ উদুপীৰ এখন  মহাবিদ্যালয়ত শ্ৰেণীত বহিবলৈ বাধা দিয়া হৈছিল। মহাবিদ্যালয় উন্নয়ন সংস্থাৰ সভাপতি, বিজেপি বিধায়ক ৰঘুপতি ভট্টই স্পষ্ট কৰি দিছিল যে হিজাব পিন্ধা সকলক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

বিতৰ্কটো ক্ষিপ্ৰগতিত ৰাজ্যজুৰি বিয়পি পৰিছিল। হিজাবৰ প্ৰতিবাদ হিচাপে কেইবাটাও হিন্দুত্ববাদী সংগঠনে গেৰুৱা উত্তৰীয় পৰিধান কৰি এটা আন্দোলন আৰম্ভ কৰিছিল। কিছুমান ঠাইত হিজাব পন্থী আৰু হিজাব বিৰোধী প্ৰতিবাদকাৰীসকল মুখামুখি হৈছিল। আৰক্ষীৰ সৈতেও কেইবাটাও সংঘৰ্ষ হৈছিল।

লগতে পঢ়ক: ভাৰতৰ লগতে ম্যানমাৰতো পৰে নাগালেণ্ডৰ এইখন গাওঁ; ইয়াৰ ৰজাৰ আছে ৬০ গৰাকী পত্নী

ফেব্ৰুৱাৰীত কৰ্ণাটকৰ বিজেপি চৰকাৰে হিজাবক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইউনিফৰ্মৰ নিৰ্দেশনা জাৰী কৰিছিল। কৰ্ণাটক শিক্ষা আইন, ১৯৮৩ ৰ কথা উল্লেখ কৰি নিৰ্দেশনাৱলীত কোৱা হৈছিল যে শিক্ষাৰ্থীসকলে কৰ্তৃপক্ষই নিৰ্ধাৰিত কৰি দিয়া পোছাক পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব লাগিব। অৱশ্যে যিবোৰ মহাবিদ্যালয়ত কোনো পোছাক বিধি নাই তাত তেনে কাপোৰ পিন্ধিব নোৱাৰিব য’ত শিক্ষানুষ্ঠান চৌহদৰ ভাৰসাম্য, ঐক্য আৰু অনুশাসন বিঘ্নিত হয়। কৰ্ণাটক চৰকাৰে আদালতক কৈছিল যে আদেশটোৰ সাম্প্ৰদায়িকতাৰ সৈতে কোনো সম্পৰ্ক নাই। হিজাবৰ লগতে গেৰুৱা উত্তৰীয়কো নিষিদ্ধ কৰা হৈছে।

উদুপীৰ কেইগৰাকীমান মুছলমান ছাত্ৰীয়ে কৰ্ণাটকত বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল। তেওঁলোকে আদালতক কৈছিল যে হিজাব পিন্ধাটো তেওঁলোকৰ মৌলিক অধিকাৰ। কোনো প্ৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰি।

লগতে পঢ়ক: সৰ্বোপৰি দেশ! ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত!

অৱশ্যে ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে আৰু চৰকাৰৰ আদেশ বাহাল ৰাখে। ৰায়টোত কোৱা হয় যে হিজাব পিন্ধাটো ধৰ্মীয় অনুশীলনৰ এক অপৰিহাৰ্য অংশ হিচাপে দেখা উচিত নহয়। তাৰপিছতে কেইগৰাকীমান মুছলমান ছাত্ৰীয়ে ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd