• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court: শিক্ষানুষ্ঠানসমূহত মুছলমান ছাত্ৰীৰ হিজাব পিন্ধাৰ অধিকাৰ; উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2022 8:21 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰ সম্পৰ্কীয় এটা গোচৰত নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ ১০ দিনৰ শুনানিৰ পিছত এই সিদ্ধান্ত ঘোষণা কৰে।

হিজাব পিন্ধাৰ অধিকাৰ বিচৰা ছাত্ৰীসকলৰ পিছত পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া (পিএফআই) সংগঠনৰ ভূমিকা থকা বুলি কৰ্ণাটক চৰকাৰৰ অভিযোগ সন্দৰ্ভতো বুধবাৰে শীৰ্ষ ন্যায়ালয়ত দুই ন্যায়াধীশৰ বিচাৰপীঠে কোনো পৰ্যৱেক্ষণ কৰা নাছিল।

শীৰ্ষ আদালতত ১০ দিনীয়া শুনানিৰ সময়ত কৰ্ণাটক চৰকাৰক ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ আৰু ৰাজ্যখনৰ এডভোকেট জেনেৰেল প্ৰভুলিং কে নৱদগীয়ে প্ৰতিনিধিত্ব কৰে।

Apply Now

লগতে পঢ়ক: NASA Alert! ৭০ বছৰৰ পিছত পুনৰ পৃথিৱীৰ কাষ চাপিব বৃহস্পতি গ্ৰহ; বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

আনহাতে, চলমান খুৰ্ছিদ আৰু দুষ্মন্ত ডাভে আবেদনকাৰী মুছলমান শিক্ষাৰ্থীসকলৰ হৈ শুনানিত অংশগ্ৰহণ কৰে।

জানুৱাৰী মাহত, হিজাব পৰিহিত শিক্ষাৰ্থীৰ এটা গোটক কৰ্ণাটকৰ উদুপীৰ এখন  মহাবিদ্যালয়ত শ্ৰেণীত বহিবলৈ বাধা দিয়া হৈছিল। মহাবিদ্যালয় উন্নয়ন সংস্থাৰ সভাপতি, বিজেপি বিধায়ক ৰঘুপতি ভট্টই স্পষ্ট কৰি দিছিল যে হিজাব পিন্ধা সকলক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

বিতৰ্কটো ক্ষিপ্ৰগতিত ৰাজ্যজুৰি বিয়পি পৰিছিল। হিজাবৰ প্ৰতিবাদ হিচাপে কেইবাটাও হিন্দুত্ববাদী সংগঠনে গেৰুৱা উত্তৰীয় পৰিধান কৰি এটা আন্দোলন আৰম্ভ কৰিছিল। কিছুমান ঠাইত হিজাব পন্থী আৰু হিজাব বিৰোধী প্ৰতিবাদকাৰীসকল মুখামুখি হৈছিল। আৰক্ষীৰ সৈতেও কেইবাটাও সংঘৰ্ষ হৈছিল।

লগতে পঢ়ক: ভাৰতৰ লগতে ম্যানমাৰতো পৰে নাগালেণ্ডৰ এইখন গাওঁ; ইয়াৰ ৰজাৰ আছে ৬০ গৰাকী পত্নী

ফেব্ৰুৱাৰীত কৰ্ণাটকৰ বিজেপি চৰকাৰে হিজাবক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইউনিফৰ্মৰ নিৰ্দেশনা জাৰী কৰিছিল। কৰ্ণাটক শিক্ষা আইন, ১৯৮৩ ৰ কথা উল্লেখ কৰি নিৰ্দেশনাৱলীত কোৱা হৈছিল যে শিক্ষাৰ্থীসকলে কৰ্তৃপক্ষই নিৰ্ধাৰিত কৰি দিয়া পোছাক পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব লাগিব। অৱশ্যে যিবোৰ মহাবিদ্যালয়ত কোনো পোছাক বিধি নাই তাত তেনে কাপোৰ পিন্ধিব নোৱাৰিব য’ত শিক্ষানুষ্ঠান চৌহদৰ ভাৰসাম্য, ঐক্য আৰু অনুশাসন বিঘ্নিত হয়। কৰ্ণাটক চৰকাৰে আদালতক কৈছিল যে আদেশটোৰ সাম্প্ৰদায়িকতাৰ সৈতে কোনো সম্পৰ্ক নাই। হিজাবৰ লগতে গেৰুৱা উত্তৰীয়কো নিষিদ্ধ কৰা হৈছে।

উদুপীৰ কেইগৰাকীমান মুছলমান ছাত্ৰীয়ে কৰ্ণাটকত বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল। তেওঁলোকে আদালতক কৈছিল যে হিজাব পিন্ধাটো তেওঁলোকৰ মৌলিক অধিকাৰ। কোনো প্ৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰি।

লগতে পঢ়ক: সৰ্বোপৰি দেশ! ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত!

অৱশ্যে ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে আৰু চৰকাৰৰ আদেশ বাহাল ৰাখে। ৰায়টোত কোৱা হয় যে হিজাব পিন্ধাটো ধৰ্মীয় অনুশীলনৰ এক অপৰিহাৰ্য অংশ হিচাপে দেখা উচিত নহয়। তাৰপিছতে কেইগৰাকীমান মুছলমান ছাত্ৰীয়ে ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd