NORTHEAST NOW (Assamese)

শিশুক লৈ নিৰ্মিত পৰ্ণ ছবি চোৱা, ডাউনলোড কৰাটো পকছো আইনৰ অধীনত অপৰাধ: উচ্চতম ন্যায়ালয়

September 23, 2024 12:41 pm · এন ই নাও নিউজ, নতুন দিল্লী
উচ্চতম ন্যায়ালয়।

শিশু পৰ্ণগ্ৰাফী চোৱা বা ডাউনলোড কৰাটো POCSO আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰা হ’ব। সোমবাৰে উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ কৰি এক ঐতিহাসিক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক ৰায়দানত কৈছিল যে এনে পৰ্ণ ছবি বা ক্লিপ ডাউনলোড কৰা বা চোৱাটো শাস্তিযোগ্য নহয়।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে কয় যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই ৰায়দানত গুৰুতৰ ভুল কৰিছে।

লগতে পঢ়কঃ দবাত ভাৰতৰ ইতিহাস! প্রথমবাৰৰ বাবে দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা উভয় শাখাতে স্বৰ্ণ জয় ভাৰতৰ

প্ৰসংগক্ৰমে যোৱা ১১ জানুৱাৰীত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চেন্নাইৰ এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰিছিল। তেওঁৰ বিৰুদ্ধে শিশু-পৰ্ণ চোৱা আৰু ভিডিঅ’ ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এনে বিষয়ৰ ফটো ব্যক্তিগতভাৱে চোৱাটো POCSO আইনৰ পৰিসৰৰ অন্তৰ্গত নহয়।

সোমবাৰে এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে যুৱকজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলাই যাবলৈ অনুমতি দিয়ে। শিশুৰ যৌন ছবি নিৰ্মাণ, চোৱা আৰু ডাউনলোড কৰাৰ লগতে সেইবোৰ প্ৰকাশ আৰু শ্বেয়াৰ কৰা সকলো অপৰাধ।

লগতে পঢ়কঃ মুকলি যুদ্ধ ঘোষণা হিজবুল্লাৰ, উত্তৰ ইজৰাইলত চলালে শতাধিক ৰকেট আক্ৰমণ

আদালতে কেন্দ্ৰীয় চৰকাৰক ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো সংশোধন কৰিবলৈও নিৰ্দেশ দিয়ে। সেই ঠাইত ‘শিশুৰ যৌন নিৰ্যাতন আৰু শোষণমূলক বিষয়’ শব্দটো অন্তৰ্ভুক্ত কৰিবলৈ আইনখন সংশোধন কৰিবলৈ কয়। একে সময়তে উচ্চতম ন্যায়ালয়ে দেশৰ সকলো আদালতক নিৰ্দেশ দিছে যে এতিয়াৰে পৰা কোনো ক্ষেত্ৰতে ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো ব্যৱহাৰ কৰিব নালাগে। 

Related News