পত্নীৰ গহনাত স্বামীৰ কোনো অধিকাৰ নাই-ছুপ্ৰীম কোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান

পত্নীৰ গহনাত স্বামীৰ কোনো অধিকাৰ নাই। অভাৱৰ সময়ত গহনা ব্যৱহাৰ কৰিলেও পাছত পত্নীক ঘূৰাই দিয়াটো বাধ্যতামূলক। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এটা গোচৰত এনে মন্তব্য কৰে।ৰায়দান আৱেদনকাৰী মহিলাৰ স্বামীকো ২৫ লাখ টকা গহনা খৰছ দিবলৈ কোৱা হৈছে। আদালতে কয় যে ‘স্ত্ৰীধন’ৰ ওপৰত স্বামী-স্ত্ৰীৰ যৌথ অধিকাৰ নাই। নিজৰ গহনাবোৰৰ মালিকীস্বত্ব কেৱল পত্নীৰ হাতত। প্ৰয়োজন হ’লেহে স্বামীক সেই গহনা ব্যৱহাৰ কৰিবলৈ দিব পাৰে।

কেৰালাৰ এহাল দম্পতীৰ গোচৰত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। আবেদনকাৰী মহিলাগৰাকীয়ে কয় যে বিয়াৰ সময়ত পৰিয়াল আৰু আত্মীয়ৰ পৰা উপহাৰ হিচাপে পোৱা গহনাবোৰ বিয়াৰ নিশাটোৱেই স্বামীয়ে লৈ গৈছিল। শাহুৱেকে মহিলাগৰাকীৰ পৰা নিৰাপদে ৰখাৰ অজুহাতত তেওঁৰ পৰা গহনা কাঢ়ি লোৱা বুলি জানিবলৈ দিয়ে।

পৰিয়াল আদালতে মহিলাগৰাকীৰ আবেদন মঞ্জুৰ কৰে। লগতে স্বামীক ক্ষতিপূৰণ দিবলৈ কোৱা হয়। কিন্তু এই নিৰ্দেশৰ বিৰুদ্ধে মহিলাগৰাকীৰ স্বামীয়ে কেৰালা উচ্চ ন্যায়ালয়লৈ যায়। তাতে মহিলাগৰাকীৰ আবেদন নাকচ কৰা হয়। ইয়াৰ পাছতে গোচৰটো উচ্চতম ন্যায়ালয়লৈ যায়।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ এখন বিচাৰপীঠে লক্ষ্য কৰিছে যে, এগৰাকী মহিলাই বিবাহৰ পূৰ্বে, বিয়াৰ সময়ত আৰু পিছত উপহাৰ হিচাপে লাভ কৰা গহনা হৈছে তেওঁৰ ‘স্ত্ৰী-ধন’। বিয়াৰ পাছত সেয়া স্বামী-স্ত্ৰীৰ যৌথ সম্পত্তি নহয়। গহনাবোৰৰ ওপৰত মহিলাগৰাকীৰ নিৰপেক্ষ আধিপত্য আছে। এজন স্বামীয়ে পত্নীৰ গহনা নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু গহনা ঘূৰাই দিয়াটো স্বামীৰ নৈতিক কৰ্তব্য।

আদালতে কয় যে মহিলাগৰাকীৰ স্বামীয়ে লোৱা গহনাসমূহৰ বজাৰ মূল্য ২০০৯ চনত ৮ লাখ ৯০ হাজাৰ টকা আছিল। বৰ্তমান সেই আধাৰতেই ব্যক্তিজনে ঘৈণীয়েকক ক্ষতিপূৰণ হিচাপে ২৫ লাখ টকা গতাই দিবলগীয়া হৈছে।