• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 9, 2022 6:14 pm
104
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত কলেজিয়ামৰ বৈঠকৰ বিষয়ে তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত কৰা আবেদন খাৰিজ কৰি দিলে। ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে শুকুৰবাৰে ৰায়টো ঘোষণা কৰি কয়, “একাধিক সদস্যৰ মতামতৰ ভিত্তিত লোৱা এটা সম্ভাৱ্য সিদ্ধান্ত ৰাজহুৱা কৰিব নোৱাৰি।‘’

যোৱা শনিবাৰে গোচৰটোৰ শুনানিৰ সময়ত দুই ন্যায়াধীশৰ বিচাৰপীঠে ইয়াৰ পৰ্যৱেক্ষণত কৈছিল, “কোনো পৰিস্থিতিত কলেজিয়াম প্ৰণালীক পথচ্যুত কৰাৰ কোনো প্ৰয়াস কৰা উচিত নহয়। মুখ্য ন্যায়াধীশৰ নেতৃত্বত কলেজিয়ামৰ দক্ষতা আৰু নিৰপেক্ষতা সম্পৰ্কে কোনো সন্দেহ নাই বুলি দাবী কৰি দুই ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আমি আটাইতকৈ স্বচ্ছ প্ৰতিষ্ঠান।”

লগতে পঢ়ক: পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ

শুনানিৰ সময়ত আবেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰশান্ত ভূষণে অভিযোগ কৰিছিল যে ২০১৮ ৰ ১২ ডিচেম্বৰত কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী প্ৰকাশত কোনো প্ৰত্যাশিত স্বচ্ছতা নাই। ইয়াৰ প্ৰত্যুত্তৰত দুই ন্যায়াধীশৰ বিচাৰপীঠে এই মন্তব্য কৰে। যোৱা শনিবাৰে শুনানি সমাপ্ত হোৱাৰ পিছত ৰায়টো সংৰক্ষিত ৰাখিছিল।

শুকুৰবাৰে কলেজিয়ামে সভাৰ বিষয়ে তথ্য বিচৰা আবেদন নাকচ কৰি ইয়াৰ ৰায় ঘোষণা কৰে।

যোৱা কেইসপ্তাহমান ধৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ বাবে কলেজিয়াম প্ৰণালীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। উচ্চতম ন্যায়ালয়ে আগতে এই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰক উচ্চ ন্যায়িক পৰ্যায়ত ন্যায়াধীশ নিয়োগৰ ক্ষেত্ৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱা মাহত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এ এছ ওকাৰ বিচাৰপীঠে কেন্দ্ৰক ভৎৰ্সনা কৰি কৈছিল যে ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে কলেজিয়ামে পৰামৰ্শ দিয়া নামৰ প্ৰতি সন্মতি দিয়াত চৰকাৰৰ “অপ্ৰয়োজনীয় বিলম্ব” হৈছে।

আনহাতে, ৰিজিজুৱে অভিযোগ কৰে যে বৰ্তমানৰ কলেজিয়াম প্ৰণালীত অস্বচ্ছতা আছে। তেওঁ আনকি ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থাক “ভাৰতৰ সংবিধানত বহিৰাগত” বুলি অভিহিত কৰিছিল। যোৱা মাহত শীৰ্ষ ন্যায়ালয়খনে কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মন্তব্যক “হতাশাজনক” বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক: আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান?

বৰ্তমান প্ৰণালীত উচ্চতম ন্যায়ালয়ৰ পাঁচজন শীৰ্ষ ন্যায়াধীশক লৈ গঠিত কলেজিয়ামে সম্ভাব্য ন্যায়াধীশসকলৰ নাম নিযুক্তিৰ বাবে পৰামৰ্শ দিয়ে। তাৰ পিছত সেই নামবোৰ চৰকাৰে বিবেচনা কৰে। চৰকাৰে কলেজিয়ামৰ পুনৰ বিবেচনাৰ বাবে নামটো ঘূৰাই পঠিয়াব পাৰে। কিন্তু যদি কলেজিয়ামে সেই নামবোৰ পুনৰ প্ৰেৰণ কৰে চৰকাৰে ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd