যৌন সম্পৰ্কৰ বাবে সন্মতিৰ নূন্যতম বয়স কিমান হ’ব লাগে? ১৬ নে ১৮? এই সন্দৰ্ভত বহুদিন ধৰি বিতৰ্ক চলি আহিছে। বিভিন্ন ৰাজ্যৰ পৰা আৰম্ভ কৰি উচ্চতম ন্যায়ালয়তো কেইবাটাও গোচৰ ৰুজু হৈছে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়ত মতামত বিচাৰিছে।
বহু সময়ত ১৬ৰ পৰা ১৮ বছৰীয়া ল’ৰা-ছোৱালীয়ে, যিসকলে মাত্ৰ কৈশোৰ পাৰ হৈ প্ৰাপ্তবয়স্ক জীৱনত ভৰি দিছে, তেওঁলোকে সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে। কিন্তু আইন অনুসৰি ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হয়। এই আইনৰ বিধান সলনি কৰিবলৈ উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ আবেদন দাখিল কৰা হৈছিল। তাৰেই শুনানিৰ সময়ত কেন্দ্ৰৰ পৰা মতামত বিচৰা হৈছে।
লগতে পঢ়ক: ‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?
এই জনস্বাৰ্থৰ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল অধিবক্তা হৰ্ষ বিভূৰ সিংঘালে। শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰে।বিচাৰপীঠে কেন্দ্ৰীয় আইন মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি একাধিক কৰ্তৃপক্ষৰ পৰা এই বিষয়ত মতামত বিচৰিছে।
আইন অনুসৰি ১৬ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীয়ে যদি দুয়ো সন্মতিৰে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হয়, কিয়নো আইনত তেওঁলোকৰ সন্মতি অপ্ৰাপ্তবয়স্ক হিচাপে স্বীকৃতি দিয়া হোৱা নাই। ইয়াৰ বিৰুদ্ধে POCSO Actৰ অধীনত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হয়।
জনস্বাৰ্থৰ আবেদনত অধিবক্তা হৰ্ষ বিভোৰে কয় যে ১৬ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে কিবা এটা বিচাৰ কৰাৰ লগতে ইয়াৰ বিপদসমূহ বুজিবলৈ শাৰীৰিক, জৈৱিক, মানসিক আৰু সামাজিক ক্ষমতা আয়ত্ত কৰে। নিজৰ শৰীৰেৰে তেওঁলোকে কি কৰিব বিচাৰে, সেইটো স্বাধীনতা তেওঁলোকৰ আছে। গতিকে ১৬ৰ পৰা ১৮ বছৰ বয়সৰ দুয়োজনেই যদি সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা উচিত নহয়।
লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!
উল্লেখ্য যে ইয়াৰ পূৰ্বে জুলাই মাহত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়েও যৌন সম্পৰ্কৰ বাবে সন্মতিৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিছিল। সেই গোচৰত আদালতৰ পৰ্যবেক্ষণ আছিল যে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ যুগত ১৪ বছৰ বয়সৰ পৰাই কিশোৰ-কিশোৰীসকলে যৌনতাৰ প্ৰতি অধিক সচেতন হৈ পৰিছে। সেই বয়সতে ইজনে সিজনৰ প্ৰতি শাৰীৰিক আকৰ্ষণো গঢ় লৈ উঠে। কিন্তু এই ক্ষেত্ৰত বহু সময়ত পুৰুষক আইনৰ অপব্যৱহাৰ কৰি অপৰাধী বুলি চিনাক্ত কৰিব লগা হয়। শেষত ছোৱালীজনীৰো ক্ষতি হয়।